স্কুল এৰি সিহঁত যাবগৈ, বিদায় পৰত মোক এখন চকী দিলে, মই আনন্দতে কান্দি দিলো

স্কুল এৰি সিহঁত যাবগৈ, বিদায় পৰত মোক এখন চকী দিলে, মই আনন্দতে কান্দি দিলো

একলব্য এজনেই আছিল যিয়ে গুৰুদক্ষিণা হিচাপে দান কৰিছিল নিজ হাতৰ আঙুলি। সেই একলব্যৰ উদাহৰণেই শতিকাজুৰি বুজাবলৈ চেষ্টা কৰি অহা হৈছে গুৰুভক্তি কি? একলব্যৰ দৰে গুৰুদক্ষিণা হিচাপে আঙুলি দান নকৰিলেও এতিয়াও এনে বহু শিষ্য আছে যিয়ে গুৰুক দিয়ে ভগৱানৰ মৰ্যদা। যান্ত্ৰিকতাৰ যুগতো মুল্যবোধক খামুছি শিক্ষাৰ পাতনি মেলা এজাক একলব্যক লৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ পলাশ জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন।

গুৰু আৰু শিষ্য। দুটা বিশেষ শব্দ। যাৰ অৰ্থ ব্যাখ্যা কৰাটো অসম্ভৱ। কিন্তু বৰ্তমান সময়ত গুৰু আৰু শিষ্যৰ সম্পর্কত কোনোবাখিনিত যেন স্থবিৰতা আহিছে সেই সন্দেহে প্ৰৱল। জটিল সময়ৰ সন্ধিক্ষণত স্তব্ধ হৈ পৰা গুৰু আৰু শিষ্যৰ সম্পৰ্ক উদঙাই চোৱাৰ সময় আহি পৰিছে।

অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান আৰু প্ৰথম কঠীয়াতলী হ'ল পৰিয়াল। ঠিক তেনেদৰে আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ হয় প্ৰাথমিক পৰ্যায়ৰ কোনো এখন বিদ্যালয়ত। সেই বিদ্যালয়খনে গঠন তথা সুদৃঢ় কৰে শিশুৰ ভৱিষ্যত। অৰ্থাৎ সেই ক্ষেত্ৰত আমাৰ পথপ্ৰদৰ্শক হিচাবে থাকে শিক্ষাগুৰুসকল। শিক্ষকসকলে ব্যক্তিগত স্বাৰ্থক জ্বলাঞ্জলি দি শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়াৰ বাবে গুৰুত্ব দিয়ে।

এইখন অসমতে শিক্ষকসকলক শিক্ষামন্ত্ৰীয়ে ৰাজহুৱাকৈ অপদস্থ কৰাৰ উদাহৰণ এতিয়া সুলভ। শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক সাধাৰণ চোৰ ডকাইতৰ দৰে জেৰা কৰাৰ সেই খবৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। মাহ মাহ ধৰি শিক্ষকে দৰমহাৰ পৰা বঞ্চিত হৈ আত্মহত্যাৰ পথো বাছি লৈছে। ছেবাৰ কাৰ্যালয়ত সংঘটিত সেই ঘটনাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমটো খলকনি তুলিছিল।

শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক ছেবাৰ কাৰ্যালয়ত ৰাজহুৱাকৈ অপদস্থ কৰাৰ মুহুৰ্তৰ ছবি
শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক ছেবাৰ কাৰ্যালয়ত ৰাজহুৱাকৈ অপদস্থ কৰাৰ মুহুৰ্তৰ ছবি

ভাৰত তথা অসম এনেকুৱা এখন ঠাই য'ত মন্ত্ৰী আমোলা সকলক লগ পাবলৈ প্ৰতিজন লোকে ঘণ্টাৰ পিছত ঘন্টা অপেক্ষা কৰিব লাগে। শিক্ষক সকলেও নিজ সমস্যা ব্যক্ত কৰিবলৈ কোনো এজন মন্ত্ৰী অথবা আমোলাক লগ পাবলৈ কেইবাদিন পৰ্যন্ত বোন্দাপৰ দিবলগীয়া হয়। কিন্তু এনে কিছু দেশো আছে য'ত শিক্ষকসকলৰ সন্মান সকলোতকৈ ওপৰত। ভি আই পি অথবা ভি ভি আই পিৰ মৰ্যদা দিয়া হয় শিক্ষকসকলক।

আমেৰিকাত বিজ্ঞানী আৰু শিক্ষকসকলক দিয়া হয় সমাজৰ উচ্চ স্থান। ঠিক তেনেদৰে ফ্রান্সৰ ন্যায়ালয়ত কেৱল শিক্ষকৰহে চকীত বহাৰ অধিকাৰ আছে। আমেৰিকান তথা ইয়ৰোপীয় দেশসমূহত প্রাথমিক বিদ্যালয়ৰ শিক্ষকক সৰ্বাধিক বেতন দিয়া হয়। কিয়নো তেওঁলোকৰ কষ্ট আন বহুততকৈ ওপৰত।

এজন শিক্ষক হবলৈ প্ৰয়োজন অপৰিসীম ধৈৰ্য। ধৈৰ্য অবিহনে কোনো ছাত্ৰ- ছাত্ৰীক বিষয়ৰ জ্ঞান দিবলৈ তেওঁ সক্ষম নহবও পাৰে। কিয়নো ছাত্ৰ- ছাত্ৰীসকলক কোনো এটা কথা বুজাবলৈ তেওঁ লবলগীয়া হ'ব পাৰে বিভিন্ন পন্থা। কেনেধৰণেৰে কোনো এটা বিষয় ছাত্ৰ- ছাত্ৰীক বুজালে তেওঁলোকে বুজিব সেয়া শিক্ষকসকলে জানিব লাগিব। তাৰ বাবে শিক্ষকক প্ৰয়োজন ছাত্ৰৰ মন বুজিব পৰা কৌশলৰ সাধনা, জীৱনবোধ, মূল্যবোধৰ শিক্ষাৰে সমৃদ্ধ এটা মগজু।

এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ হাতৰ কাম
এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ হাতৰ কাম

বৰ্তমান সময়ত চেকণীৰ আগত বিদ্যা নহয়। সেই চেকণীৰ আগত বিদ্যাৰ ধাৰণা আজি অতীত। এতিয়া বিদ্যাৰ ধাৰণা বন্ধুত্বৰ দৰে হৈছে। গুৰুৰ প্ৰতি ছাত্ৰৰ সন্মান এতিয়াও অটুট আছে। অৱশ্যে কিছু সময়ত ছাত্ৰতকৈ শিক্ষকৰ আচৰণ আৰু লাঞ্চনাৰ খবৰ সমাজত বেছিকৈ দেখিবলৈ পোৱা যায়। বহুলোকৰ মনত এটা প্ৰশ্ন উদয় হয়- শিক্ষকতা বৃত্তি নে সমাজ সেৱা? যদি মাত্ৰ টকাৰ বাবে কোনো লোকে শিক্ষকতা কৰিছে তেন্তে তেনে শিক্ষকৰ পৰা যে ছাত্ৰ- ছাত্ৰীয়ে উচিত শিক্ষা নাপায় সেয়া প্ৰায়ে নিশ্চিত।

বিগত বৰ্ষৰ ২৩ জুনত নাজিৰাৰ গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত এক ঘটনা সংঘটিত হৈছিল। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰঙা ঘৰত সোমাবলগীয়া হৈছিল তৰুণ গগৈ নামৰ এজন শিক্ষক। পুনে ইন্টাৰণেশ্বনেল স্কুল নামৰ এখন বিদ্যালয়ৰ অজিত গোল্ডি নামৰ এজন শিক্ষকে এগৰাকী ১৫বছৰীয়া কিশোৰীক নিৰ্যাতন চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল। তেনে ঘটনা পৰিঘটনাও বৰ্তমান তেনেই সুলভ। মাহটোত প্ৰায় কুৰিটামান তেনে ঘটনা সংঘটিত হয় আমাৰ সমাজত। সেয়া মাত্ৰ কেইজনমান শিক্ষকৰূপী দানৱৰহে কাম। প্ৰকৃততে শিক্ষকতাৰ নামত তেওঁলোকে মুখা পিন্ধি আমাৰ সমাজত দুঃসংবাদ বিয়পাইছে। তেনে কেইজনমান শিক্ষকৰ বাবে আমি সমগ্র শিক্ষক সমাজক দোষাৰোপ কৰিব নোৱাৰো।

যিধৰণেৰে শিষ্যৰ হাতৰ বুঢ়া আঙুলি কাটি গুৰু দক্ষিণা লোৱা গুৰু এই সমাজতে আছিল, ঠিক তেনেদৰে আন কিছু দৃষ্টান্তও নোহোৱা নহয়। গ্যেটেৰ দৰে সম্ভাৱনা আৰু প্ৰতিভা বিচাৰি নিজৰ ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা তথা এক নতুন যুগৰ সূচনা কৰা মহান ভৱিষ্যতদ্ৰষ্টাও এনে এখন সমাজৰে অৱদান। পার্থক্য মাথোঁ চিন্তা চৰ্চা তথা মনৰ বিশালতাৰ। দিন দুপৰতে সুৰাপান কৰি অহা বহু শিক্ষকেও সংবাদমাধ্যমত শিৰোনাম দখল কৰাৰ নজিৰ এইখন সমাজতে আছে। এইখন অসমতে গ্ৰাম্যাঞ্চলত শিক্ষাদান কৰি বহু শিক্ষকে লাভ কৰিছে প্ৰধানমন্ত্ৰী অথবা ৰাষ্ট্ৰপতিৰ সন্মান।

নগাওঁ জিলাৰ কামপুৰ ৰাজহচক্ৰ অন্তৰ্গত তেতেলিসৰাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ গ'লেই পোৱা যায় পলশা গাওঁ। এই গাঁৱতে ১৯৯০ চনত সেই অঞ্চলৰ ৰাইজে স্থাপন কৰিছিল পলশাবাৰী ললিত নাম মধ্য ইংৰাজী বিদ্যালয়। বিদ্যালয়খনলৈ যাবলৈ আজিও নাই সুচল পথ। দশকৰ পিছত দশক ধৰি ছাত্ৰ- ছাত্ৰীসকলক এখন নাৱেৰে বিদ্যালয়ৰ প্ৰধান শিক্ষাকজনে নদী পাৰ কৰাই আহিছে। এজন শিক্ষকৰ সমান্তৰালকৈ তেওঁ দায়িত্ব পালন কৰিছে এজন অভিভাৱকৰো। এখন বিপৰীত ছবি।

সমাজত শিক্ষকসকলক দিয়া নহয় প্ৰকৃত মৰ্যদা। ভোকৰ তাড়না আৰু পৰিয়াল তথা সমাজৰ দায়িত্ব লৈ শিক্ষকসকলে কেতিয়াবা ভাগৰি পৰে। দীর্ঘদিন দৰমহা নোপোৱাৰ ফলত পৰিয়ালকেন্দ্ৰিক সংঘাতে গা কৰি উঠে আৰু শিক্ষকজনে আত্মহত্যাৰ আশ্ৰয় লয়। তেওঁলোকে শিক্ষাদান কৰি কোনো এজন লোকক মন্ত্ৰী অথবা আমোলা বনাই। অৱশেষত তেওঁলোকেই প্ৰাপ্য পেঞ্চন কেইটা বিচাৰি অফিচে অফিচে তাঁতবাতি কৰিব লাগে।

দৰমহা বঞ্চিত শিক্ষকে প্ৰতিবাদ কৰিলেও সেই প্ৰতিবাদক চৰকাৰে বাধা দিয়ে। কিন্তু সমাধান নকৰে তেওঁলোকৰ অসুবিধাসমূহ। সৌ সিদিনা তিনিচুকীয়াত ১৮ মাহে দৰমহা নোপোৱা এজন শিক্ষকে মুখ্যমন্ত্ৰীক তেওঁৰ এখন সভাত সাক্ষাৎ কৰিবলৈ আহি খেদা খোৱাৰ উদাহৰণো আছে। চাবুৱাৰ বিধায়ক বলিন চেতিয়াৰ কথা কেইটা কোনো এজন আত্মসন্মান থকা লোকেই পাহৰিব নোৱাৰে। শিক্ষকৰ পদবী লৈ ছাত্ৰ- ছাত্ৰীৰ লগতে গোটেই সমাজকে পোহৰাই তোলাৰ খবৰ এইখন সমাজতে বহু আছে।

তেনে এখন বিদ্যালয় আছে যোৰহাট জিলাত। জিলাখনৰ পানগিৰীয়া গাঁও নামৰ এক পিছপৰা অঞ্চলত থকা বিদ্যালয়খন স্থাপিত হৈছিল ১৯৪২ চনত। তেতিয়াৰে পৰা ছাত্ৰ- ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিলাই আহিছে বিদ্যালয়খনৰ শিক্ষকসকলে। তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াৰ বাবে। ১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত আছে ৫৫ জন ছাত্ৰ-ছাত্ৰী।

১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদ
১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদ

বিদ্যালয়খনৰ ১২ জনকৈ কণ-কণ ছাত্ৰ- ছাত্ৰীয়ে চলিত বৰ্ষত সম্পূৰ্ণ কৰিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা। এতিয়া তেওঁলোকৰ বিদায়ৰ সময়। বিদ্যালয়খনৰ ছাত্র- ছাত্ৰীসকলৰ খুব আপোন প্ৰধান শিক্ষাকজন। প্ৰধান শিক্ষক হোৱাৰ লগতে এজন অভিভাৱকৰো দায়িত্ব পালন কৰিছে তেওঁ। শিক্ষকজনক ছাত্ৰ-ছাত্ৰীসকলে বিদায় দিবলৈ ওলাইছে। শিক্ষকজনৰ চকুত চকুলো। এইয়া তেওঁৰ আনন্দৰ চকুলো। আচলতে সমাজৰ পিতৃ স্বৰূপ শিক্ষকসকলৰ চকুলো দুই প্ৰকাৰৰ থাকে। কেতিয়াবা নিজ প্ৰাপ্য তথা দুবেলা দুমুঠিৰ অভাৱত কোনো কোনো শিক্ষকে চকুলো টুকে। আন কেতিয়াবা ছাত্র- ছাত্ৰীসকলক গঢ়াৰ ক্ষেত্ৰত শিক্ষকে কষ্ট কৰিও সুখৰ চকুলো তুকে। যেতিয়া ছাত্ৰ- ছাত্ৰীসকল সফল হয়।

প্ৰধান শিক্ষকজনৰ নাম বিনয় শইকীয়া। সৰুৰে পৰা প্ৰচুৰ মেধা সম্পন্ন এসময়ৰ যুৱকজনে এতিয়া অৰ্ধশতাধিক কণ-কণ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাইছে। কোনো কোনো সময়ত সেই শিক্ষাগুৰুজনেও ভাবিবলৈ বাধ্য হয় যে- কিছুমান বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীসকলে উচিত শিক্ষা লাভ নকৰে। "পাঠ্যপুথিৰ শিক্ষাই সকলো নহয়। প্ৰাথমিক পৰ্যায়ৰ পৰাই আমি ছাত্ৰ- ছাত্ৰীসকলক এজন ভাল মানুহ হবলৈ শিকাব লাগে। সৰ্বতোপ্ৰকাৰৰ শিক্ষা নাপালে শিক্ষা আধৰুৱা হয়।" সেয়া তেওঁৰ মনৰ কথা।

বহুত অঞ্চল আছে য'ত ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ নাযায়। কিছুমান এনে অঞ্চল আছে য'ত ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব বিচাৰিলেও সা- সুবিধাৰ অভাৱ। যিকোনো এটা কাম কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হয়। যাৰ বাবে ছাত্ৰ- ছাত্ৰীসকল থমকি ৰয়। পিছে সেই সমস্যাৰ সমাধান দিছে শিক্ষকজনে। ছাত্ৰ- ছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত তেওঁ আন কিছু পন্থা অৱলম্বন কৰিছে। ছাত্ৰ আৰু গুৰুৰ সম্বন্ধটোক তেওঁ বন্ধুত্বলৈ ৰূপান্তৰীত কৰিছে। যাৰ বাবে আজি তেওঁ চকুত চকুলো দেখিবলৈ পোৱা গৈছে।

১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ ১২গৰাকী পঞ্চম শ্ৰেণীৰ কণ-কণ ছাত্ৰ- ছাত্ৰীৰ সৈতে প্ৰধান শিক্ষক বিনয় শইকীয়া
১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ ১২গৰাকী পঞ্চম শ্ৰেণীৰ কণ-কণ ছাত্ৰ- ছাত্ৰীৰ সৈতে প্ৰধান শিক্ষক বিনয় শইকীয়া

বিদ্যালয়ৰ চৌহদত এখন বিলাসী চকীত শিক্ষকজন বহি আছে কাষত ছাত্ৰ-ছাত্ৰীসকল। কোনো কোনোৱে ছাৰ ছাৰ বুলি আঁতৰৰ পৰা চিঞঁৰিছে। তেঁওলোকৰ বাবে ছাৰ ব'ৰ আপোন। নিজ পুত্ৰ-কন্যাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলক মৰম কৰে তেওঁ। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে বিদায় বেলাত তেওঁক এৰি যাবলৈ অমান্তি হৈছে। আৰু ছাত্ৰ- ছাত্ৰীসকলৰ দুখ দেখি তেওঁ চকুলো টুকিছে।

সেয়া আছিল কেইদিনমানৰ আগৰ কথা। তেওঁ ছাত্ৰ- ছাত্ৰীসকলক জনাইছিল, "তহঁতি আৰু বিদ্যালয় এৰি যাব লাগিব। ভাল আৰু ডাঙৰ মানুহ হ'বলৈ ভালকৈ পঢ়িব লাগিব।"

গাঁৱৰ পৰিৱেশত অৱস্থিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটা কথাই ক্ৰিয়া কৰিছিল। ঘৰলৈ গৈ অভিভাৱকক এটা অনুৰোধ কৰিছিল। ৩০০কৈ টকা প্ৰতিজন ছাত্ৰ- ছাত্ৰীয়ে বিচাৰিছিল পিতৃ মাতৃৰ পৰা। তেওঁলোকৰ মনোভাৱ বুজি পাইছিল অভিভাৱকসকলেও। পিতৃ- মাতৃয়ে কণমানি কেইটাৰ কথা পেলাব পৰা নাছিল। অৱশেষত ঘৰৰ পৰা তেওঁলোকে ৩০০ কৈ টকা পালে। এটা ডাঙৰ সপোন সিহঁতৰ সঁচা হ'ল।

১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ ১২গৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী
১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ ১২গৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী

সিহঁতৰ প্ৰধান শিক্ষাকজনে ৬টাকৈ বছৰত বহু কথাই সিহঁতক শিকালে। বহু জ্ঞান দিলে। শিক্ষকজনে সদায় এখন কাঠৰ পুৰণা চকীত বহি সিহঁতক পঢ়াই।

বহুসময়ত এজন শিক্ষক মাত্ৰ ছাত্ৰ- ছাত্ৰীৰে নহয় এখন গাঁৱৰ বাবে হৈ পৰে এজন চিনাকি ব্যক্তি। তেনে এজন শিক্ষক আছিল নগাঁও জিলাৰ ৰনথেলি ৰজাভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল কুমাৰ বনিয়া। তেওঁ এনে এজন শিক্ষক আছিল যাক ছাত্ৰ- ছাত্ৰীৰ লগতে অভিভাৱক সকলেও যথেষ্ট সন্মান কৰিছিল। সেইবাবেই তেওঁক বিদ্যালয়ৰ পৰা বিদায় দিয়াৰ সময়ত ২০১৮ চনৰ ৩০ জুন তাৰিখে ছাত্র- ছাত্ৰী তথা অভিভাৱকসকলে খোল তাল লৈ ৰাস্তাত শোভাযাত্ৰা কৰিছিল। সেয়াও এইখন অসমতে হৈ উঠিছে। শিক্ষকসকলে জীৱনত আন সকলো কথা পাহৰি ছাত্র- ছাত্ৰীৰ জীৱন গঢ়াত মগ্ন হয়।

নগাঁও জিলাৰ ৰনথেলি ৰজাভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল কুমাৰ বনিয়াৰ বিদায় সম্বৰ্দ্ধনা সভা
নগাঁও জিলাৰ ৰনথেলি ৰজাভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল কুমাৰ বনিয়াৰ বিদায় সম্বৰ্দ্ধনা সভা

বিনয় শইকীয়াও তেনে এজন শিক্ষক। যি বিদ্যালয়ৰ চৌহদত ৰুইছে বহুতো ফুলৰ গছ। গাঁৱৰ থলুৱা ফুল ৰুই তেওঁ বিদ্যালয়খনৰ চৌহদ সুন্দৰ কৰি তুলিছে। কান্ধত গামোচা লৈ ফুলত পানীও দিয়ে তেওঁ। সেই কাৰ্যকে শিকিছে ছাত্ৰ- ছাত্ৰীসকলেও। অভিভাৱক সকলেও বিদ্যালয়ৰ চৌহদটো সুন্দৰকৈ সজাইছে। ছাত্ৰ- ছাত্ৰীসকলক শিক্ষা দিয়াৰ বাবে তেওঁৰ নাই কোনো নিৰ্দিষ্ট সময়। বিদ্যালয়ৰ পাঠদানৰ সময়ৰ বাহিৰেও তেওঁ শিক্ষাৰ্থীৰ বাবে ব্যয় কৰে বহু সময়।

শনিবাৰে হঠাৎ তেওঁৰ উচুপি উঠে। তেওঁ নজনাকৈয়ে কণ কণ ছাত্ৰ- ছাত্ৰীসকলে বিদ্যালয়লৈ আহোঁতে তেওঁলৈ লৈ আহিছে এখন চকী। ছাত্ৰ- ছাত্রীকেইটাই একোখনকৈ গামোচা দিছিল তেওঁক। সেয়াই আছিল আনন্দৰ চকুপানী। শিক্ষকজনে বেছিকৈ কান্দি উঠিছিল যেতিয়া কণ কণ শিশুকেইটাই তেওঁক বাহিৰলৈ মাতি আনি চকীখনত বহিবলৈ দিছিল। সকলোৱে ছাৰৰ লগত এখন চেল্ফি উঠিছিল।

বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধান শিক্ষক বিনয় শইকীয়া
বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধান শিক্ষক বিনয় শইকীয়া

সেইসকল শিক্ষকলৈ সকলোৰে সন্মান ওপজে। যিসকলে হাজাৰ প্ৰত্যাহ্বান নেওচি দূৰ্গম অঞ্চলত ছাত্র-ছাত্ৰীসকলক জ্ঞানৰ পোহৰ দিয়ে। একাংশ লোকে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত ব্যক্তিগত পুঁজিৰে বিদ্যালয় স্থাপন কৰি ছাত্র- ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাও দিয়ে। আন একাংশ শিক্ষাগুৰুৱে চৰ অঞ্চল অথবা পাহাৰৰ কোনো দুৰ্গম ঠাইত একাগ্ৰচিত্তে কেৱল শিক্ষাৰ পোহৰ বিলোৱাত নিমগ্ন হয়।

১৩০ নং নামনি গাঁও প্ৰাথমিক বিদ্যালয়ৰ ১২গৰাকী পঞ্চম শ্ৰেণীৰ কণ-কণ ছাত্ৰ- ছাত্ৰীয়ে ঘৰত ৩০০কৈ টকা খুজি প্ৰধান শিক্ষক বিনয় শইকীয়াক দিছিল এখন বিলাসী চকী। সেয়াই কণ-কণ শিশু কেইটাৰ শিক্ষকলৈ সন্মান।

শিক্ষকতা হওঁক মাত্ৰ সত্যানুসন্ধান। চহৰ অঞ্চলৰ তুলনাত বহুক্ষেত্ৰত গাঁও অঞ্চলত থকা বিদ্যালয়ৰ প্ৰতি বহুলোকৰ শ্ৰদ্ধাৰ গুণ নুগুৱাকৈ নোৱাৰি। গাঁও অঞ্চলৰ অৰ্ধশিক্ষিত অভিভাৱকে শিক্ষকৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে। বহু ছাত্ৰ- ছাত্ৰীয়ে গাঁৱৰ বিদ্যালয়ত পঢ়ি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে জিলিকোৱাৰ লগতে সমগ্ৰ দেশখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাইছে।

আজিৰ তাৰিখত বহুলোকে গাঁও অঞ্চলৰ বিদ্যালয়সমূহক পিছপৰা তথা শিক্ষা দিয়াত ব্যৰ্থ বুলি হাঁহে। অৱশ্যে তেনেধৰণৰ বিদ্যালয় নোহোৱাও নহয়। পিছে সেয়া আঙুলিৰ মূৰত গণিব পৰা। ঠিক তেনেদৰে শিক্ষামন্ত্রীয়ে শিক্ষক সকলক ৰাজহুৱাকৈ অপদস্ত কৰাৰ ক্ষেত্ৰতো এজন দুজন যে শিক্ষকে নিজ ছাত্ৰ- ছাত্ৰীসকলক প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত কৰিছে সেই কথাত সন্দেহ নাথাকিলেও এটা কথা নিশ্চিত যে সকলো শিক্ষকে গৰিহণাৰ যোগ্য নহয়। কিয়নো ভাল কাম কৰিলে কোনো এজন শিক্ষকক যি ধৰণেৰে সন্মান জনোৱা হয়, ঠিক তেনেদৰে বেয়া কামৰ বাবে কোনো লোকক সকলোৱে সমালোচনাও কৰে। ৰাজহুৱাকৈ শিক্ষকসকলক শিক্ষামন্ত্রীয়ে অপদস্ত কৰাৰ বাবে সমাজত সমগ্ৰ শিক্ষক সমাজে লজ্জানত হ'ল।

'শিক্ষক মমবাটিৰ দৰে যি নিজক জ্বলাই আনক পোহৰ দিয়ে'। পণ্ডিত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই কথাষাৰি আমি প্ৰতিক্ষণতে উপলব্ধি কৰো। অনন্ত কাললৈ চিৰপ্ৰবাহমান হৈ থাকিব এনে কিছু মহৎ লোকৰ বাণী। মাত্ৰ শিক্ষক দিৱসৰ দিনটোতে সীমাবদ্ধ নাথাকক শিক্ষকৰ প্ৰতি শ্ৰদ্ধা। প্ৰতিটো দিন, প্ৰতিক্ষণে হওক শিক্ষকসকলক সন্মান জনোৱা দিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in