মেঘাৰ টুইট! নিশাৰ ভিতৰতে ভাইৰেল কেৰালাৰ চাহ দোকানীঃ VIDEO

মেঘাৰ টুইট! নিশাৰ ভিতৰতে ভাইৰেল কেৰালাৰ চাহ দোকানীঃ VIDEO

ডিজিটেল ডেস্কঃ পুৱাৰ চাহ কাপক লৈয়ো যাদু। চাহৰ যাদু দেখুৱাই এতিয়া এটা নিশাৰ ভিতৰতে বিখ্যাত তেওঁ। ওহো চাহ বেপাৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱা মোডীৰ কথা কোৱা হোৱা নাই। চাহৰ বাবে বিখ্যাত হৈ পৰা এইজন লোক কেৰালাৰ।

দ্য চাপ্পাটি ফেক্টৰী নামৰ এখন চাহৰ দোকানত এতিয়া গ্ৰাহকৰ ভিৰ। চাহৰ যাদু চাবলৈকে এনেদৰে ভিৰ লাগিছে দোকানখনত। এগৰাকী মহিলা গ্ৰাহকে কৰা টুইটৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰতে সলনি হৈ পৰিছে চাহ দোকানীজনৰ ভাগ্য।

মেঘা মোহন নামৰ এগৰাকী টুইটাৰ ইউজাৰে ৯ ছেপ্তেম্বৰত টুইট কৰিছিল ৪০ ছেকেণ্ডৰ এটি ভিডিঅ'। এই ভিডিঅ'টোত দেখা গৈছে দ্য চাপ্পাটি ফেক্টৰী নামৰ দোকানখন।

টেবুলত চাৰিটা গিলাছ থোৱা আছে। সেই গিলাছকেইটাত আছে তিনিটা তৰপ। চাহ, পানী আৰু গাখীৰ। গ্ৰাহকৰ চকুৰ সমুখতে দোকানখনত কৰ্মৰত যুৱকজনে এটা এটাকৈ গিলাছ হাতত তুলি লৈছে আৰু হাতৰ পাকতে ওলোটাই দিছে। গিলাছকেইটা ওলোটাই দি পলকতে টেবুলত থৈছে।

গ্ৰাহক আচৰিত! হাতৰ পাকতে চাহ ৰেডি। গিলাছ ওলোটাই দিয়াৰ পিছতো এটোপাও তলত পৰি যোৱা নাই। যাদুৰ দৰে লগা সেই চাহৰ গিলাছত চুমুক দি যেতিয়া অপূৰ্ব সোৱাদ পালে তেতিয়া গ্ৰাহকৰ হতবাক হৈ পৰাৰ পাল।

ইতিমধ্যে ৩ লাখৰো অধিক লোকে চাইছে মেঘাৰ টুইট ভিডিঅ'টো। কেনেকৈ হাতৰ পাকতে লোকজনে চাহ তৈয়াৰ কৰিলে? এই লৈ টুইটাৰত আৰম্ভ হৈছে বিশ্লেষণ।

কোনো কোনোৱে আকৌ এইজন 'টি মেন'ক চৰকাৰী পুৰষ্কাৰ প্ৰদানৰো দাবী জনাইছে। এনেকৈয়ে এতিয়া নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছে কেৰালাৰ এইজন চাহৰ যাদুকৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in