লকডাউন উলংঘা কৰি তাৰাবাৰী আৰক্ষীৰ জালত দুজন, দুখনকৈ বাইক জব্দ

লকডাউন উলংঘা কৰি তাৰাবাৰী আৰক্ষীৰ জালত দুজন, দুখনকৈ বাইক জব্দ

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটাত পুনৰ লকডাউন উলংঘা। লকডাউন উলংঘাৰ অপৰাধত দেওবাৰে আকৌ দুজনক গ্ৰেপ্তাৰ কৰে তাৰাবাৰী আৰক্ষীয়ে। লকডাউন উলংঘা কৰি এজন যুৱক বাইকেৰে আহিছিল। যুৱকজনৰ পৰা জব্দ কৰে এখন মটৰ চাইকেল লকডাউন উলংঘাৰ অপৰাধত আটক চানিদুল ইছলাম (১৮)।

ধৃত চানিদুল ইছলামৰ ঘৰ বাঘবৰ থানাৰ অন্তৰ্গত ম'হোৰি গাঁৱত। ধৃত চানিদুল ইছলাম আহম্মদ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। জব্দ কৰা মটৰ চাইকেলখনৰ নম্বৰ এএছ-১৫-এল-৪২৫৪। আনহাতে দ্বিতীয়টো অভিযানত আন এজন যুৱকক লকডাউন উলংঘাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে তাৰাবাৰী আৰক্ষীয়ে। ধৃত যুৱকজন তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হৰিপুৰ চকপাৰাৰ হজৰত তালুকদাৰৰ পুত্ৰ আব্দুল খালেক বুলি জানিব পৰা গৈছে।

আব্দুল খালেকৰ পৰা আৰক্ষীয়ে জব্দ কৰা মটৰ চাইকেলখনৰ নম্বৰ হৈছে এএছ-১৫-এন-৮৬২২। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত দেওবাৰে দুজনকৈ যুৱকক লকডাউন উলংঘাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা ঘটনাই একাংশ লোকে যে লকডাউনক ভেঙুচালি কৰি আহিছে সেয়াই প্ৰমাণ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in