বাংলাদেশী মুছলমানৰ অগ্ৰাসনৰ পৰা অসমক বচাবলৈ হিন্দু বাঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়কঃ টংলাত শিলাদিত্য দেৱ…

বাংলাদেশী মুছলমানৰ অগ্ৰাসনৰ পৰা অসমক বচাবলৈ হিন্দু বাঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়কঃ টংলাত শিলাদিত্য দেৱ…

ডিজিটেল সংবাদ, টংলাঃ অসমীয়া জাতি ধ্বংস হ'লে অসমত বাস কৰা হিন্দুু বাঙালীসকলো ধ্বংস হ'ব ৷ সেয়ে অসমখনক জেহাদী সমৰ্থনপুষ্ট বাংলাদেশী মুছলমানৰ অগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু বাঙালীসকলেও নিজৰ কৰ্তব্য পালন কৰিব লাগিব ৷ অসমত আশ্ৰয় দিয়াৰ বাবে সকলো অসমীয়াৰ প্ৰতি কৃতজ্ঞতা জনাই হিন্দু বাঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ উপৰি মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰি অসমত দুৰ্গা পূজা, বিহু আদি একেলগে উদ্‌যাপন কৰিবলৈ বাঙালীসকলে আগভাগ লওঁক ৷ এই আহ্বান বিধায়ক শিলাদিত্য দেৱৰ ৷

শনিবাৰে ওদালগুৰি জিলাৰ টংলা নগৰৰ তিনি নং খণ্ডৰ গোবিন্দ মন্দিৰ প্ৰাংগনত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি কমল চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত এন আৰ চি সজাগতা সভাত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে কয় বৃহত্তৰ হিন্দু সমাজে একত্ৰভাৱে বাংলাদেশী মুছলমানৰ অগ্ৰাসন, সত্ৰৰ মাটি বেদখলকাৰী, অসমীয়া তথা হিন্দু মহিলাৰ প্ৰতি বেয়া দৃষ্টি দিয়াসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'ব লাগিব ৷ কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিগে কৰি ষড়যন্ত্ৰৰ বাবেই হিন্দু বাঙালীসকল যুগ যুগ ধৰি বঞ্চণাৰ বলি হৈ আহিছে ৷ যিদিনাৰ পৰা হিন্দু বাঙালীসকলেও অসমীয়াৰ নামঘৰত শান্তি বিচাৰি প্ৰাৰ্থনাত মিলিত হ'ব, সেইদিনাৰ পৰাই হিন্দুত্ববাদীৰ শক্তি বৃদ্ধি পাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আছুৰ বৰ্তমানৰ একাংশ নেতাকে ধৰি অখিল গগৈৰ দৰে নেতাই বৰ অসমৰ কথা ভৱা নাই ৷ বাংলাদেশী মুছলমানৰ হৈ গোলামীহে কৰিছে বুলি কটাক্ষ কৰে ৷

যিখন দেশৰ পাৰপত্ৰ, ভোটাৰ তালিকাৰ মূল্য নাই সেইখন দেশত এক কোটি বাংলাদেশী মুছলমানৰ অন্তৰ্ভুক্তিৰে প্ৰস্তুত কৰা এন আৰ চিৰ কি মূল্য থাকিব বুলি ব্যক্ত কৰে ৷ এই এনআৰচি খনক প্ৰকৃততে নেচনেল পপুলেচন ৰেজিষ্টাৰ ৰূপেহে গণ্য কৰা উচিত বুলি মন্তব্য কৰি বিধায়ক শিলাদিত্য দেৱে কেৱ গৃহীত হোৱাৰ পিছত ১৯৫১ চনক ভিত্তি বৰ্ষৰূপে লৈ বাংলাদেশী মুছলমানৰ নাম সন্নিবিষ্ট নকৰাকৈ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিলেহে আমি এন আৰ চি মানি ল'ম আৰু তেতিয়াহে অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে ৷

সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ টংলা আঞ্চলিক সমিতিৰ সৌজন্যত অনুষ্ঠিত এই সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ড° জ্ঞানেন্দ্ৰ বৰ্মনে কয় দেশৰ স্বাধীনতা আন্দোলনকে ধৰি দেশ ৰক্ষাৰ বাবে ত্যাগ স্বীকাৰ কৰা, ভাৰতৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ অতুলনীয় বৰঙনি আগবঢ়াই অহা হিন্দু বাঙালী জাতিৰ লোকসকল একাংশ উগ্ৰ জাতীয়তাবাদী সংগঠনৰ বাবে সম্প্ৰতি এন আৰ চিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ শৰণাৰ্থীৰ প্ৰমানপত্ৰ আইনগতভাৱে বৈধ যদিও এই প্ৰমানপত্ৰক এনআৰচি প্ৰক্ৰিয়াত বৈধ নথি ৰূপে মানি নোলোৱাতো এক ষড়যন্ত্ৰ নিহিত হৈ আছে বুলি অভিযোগ কৰে ৷ সেয়ে এনআৰচিৰ পুনৰীক্ষণৰ কৰিব ৷

বিজেপিয়ে ভাৰতবৰ্ষত হিন্দু লোকৰ আশ্ৰয়স্থল বুলি ৰাজনৈতিক শ্ল'গান দিলেই নহ'ব, এতিয়া হিন্দু বাঙালীসকলৰ ক্ষেত্ৰত সেয়া কাৰ্যত প্ৰমানিত কৰক বুলি দাবী জনায় ৷ যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থকা সভাত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ কেন্দ্ৰীয় সমিতিৰ নেতা উৎপল সৰকাৰ, মহানন্দ দত্ত সৰকাৰ, অধিবক্তা নবেন্দু পাঠক, শংকৰ সৰকাৰ, নিতাই দে, বিবেক ৰায়ে বক্তব্য আগবঢ়ায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in