তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা

তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা

ডিজিটেল সংবাদ, তামুলপুৰঃ সাম্প্ৰতিক সময়ত বড়ো-অবড়োৰ ৰাজনীতি কৰি লাভ নাই। বড়োৰ লগত আমি বহু কাজিয়া কৰিলো।এতিয়া কাজিয়া বন্ধ কৰিবৰ হ'ল।-এই ভাষ্য ৰাজ্যিক জমিয়েত উলেমা হিন্দৰ সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমীৰ। তামুলপুৰ জিলা ইউপিপিএলৰ উপ সভাপতি ছাইফুদ্দিন আহমেদৰ সভাপতিত্বত বৃহস্পতিবাৰে সন্ধিয়া তামুলপুৰৰ ছলিকান্দাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক জমিয়ত উলেমায়ে হিন্দৰ সাধাৰণ সম্পাদক গৰাকীয়ে এইদৰে মন্তব্য কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, আমি সৰু সৰু জাতি জনগোষ্ঠীবোৰে কাজিয়াত ব্যস্ত থাকোতে বৃহত জনগোষ্ঠীবোৰ বহুদুৰ আগুৱাই গ'ল। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে, আমি বড়ো-মুছলমান আদি সকলোৱে মিলি বিটিচিৰ উন্নয়ণ, সম্প্ৰীতি সুদৃঢ় কৰিব বিচাৰিছো, বড়ো সকলক লগত লৈ আমি তেওঁলোকৰ হৃদয়ত সোমাই লব বিচাৰিছো, যাতে আমি পৰস্পৰে পৰস্পৰক বুজিব পাৰো। সমাগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভাত এবছু, এ ন ডি এফ বি(প্ৰ)ৰ সমৰ্থিত প্ৰাৰ্থী ইউজি ব্ৰহ্মক সেয়ে জমিয়ত উলমায়ে হিন্দে সমৰ্থন কৰিছে আৰু তেওঁ বিপুল ভোটত জয়লাভ কৰিব বুলিও দাবী কৰে।

কেইবাশ লোকে অংশ গ্ৰহণ কৰা বৃহস্পতিবাৰে এই নিৰ্বাচনী সভাখনত কামৰূপ জিলা জমিয়ত উলমায়ে হিন্দৰ সম্পাদক ৰস্তুম আলী, ইউপিপিএলৰ উপ সভাপতি ভ্ৰমণ বাগলাৰী, পিজেএচিএফবিএমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়োৱেও ভাষণ দিয়ে। ইউপিপিএলৰ যুৱ মৰ্ছাৰ উপ সভাপতি মনোজ গয়াৰীয়ে আঁতধৰা সভাখনত পিজেএচিএফবিএমৰ মুখ্য আহ্বায়ক যোগেন বসুমতাৰী, কেন্দ্ৰীয় উপ সভাপতি হজৰত আলী প্ৰমুখ্যে আন কেবাজনো নেতাই অংশ গ্ৰহণ কৰে। বৃহস্পতিবাৰে সভাতেই অবড়ো, বিপিএফ, কংগ্ৰেছ আদি বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে ইউপিপিএল দলত যোগদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in