তামুলপুৰত বি পি এফৰ বিশাল পদযাত্ৰা, VIDEO…

তামুলপুৰত বি পি এফৰ বিশাল পদযাত্ৰা, VIDEO…

ডিজিটেল সংবাদ, তামুলপুৰঃ তৃতীয় পৰ্যায় নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ তামুলপুৰত বিভিন্ন দল সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত উঠিছে। প্ৰতিটো দলে নিজৰ নিজৰ প্ৰাৰ্থীক সমষ্টিটোৰ পৰা জয়ী কৰাবলৈ দিনে নিশাই অহৰহ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। দেওবাৰে প্ৰচাৰৰ শেষদিনা তামুলপুৰ মটঙাচকত থকা বি পি এফৰ ৰ কাৰ্যালয়ৰ পৰা আবেলি ৪ বজাত বি জে পি-অ গ প-বি পি এফৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম সমৰ্থনত এক বিশাল পদ যাত্রা উলিয়ায়। বি পি এফৰ মুখ্য কাৰ্যালয় ৰ পৰা আৰম্ভ কৰা পদযাত্ৰা তামুলপুৰ মহকুমা সদৰৰ মাজেৰে ৭ কিলোমিটাৰ পদ পৰিভ্ৰমণ কৰি পুণৰ মটঙাস্থিত বি পি এফৰ কাৰ্যালয়ত সমাপ্ত কৰে। পদযাত্ৰাত সমৰ্থনক সকলে আকৌ এবাৰ মোডী চৰকাৰ, নাঙলৰ ছবিত ভোট দিয়ক, প্ৰমিলাৰাণী ব্ৰহ্ম জিন্দাবাদ, বি পি এফ জিন্দাবাদ আদি শ্ল'গান দি আকৌ এবাৰ মোডী চৰকাৰৰ গীতৰ তালে তালে নাচি বাগি পদযাত্ৰা কৰে। পদযাত্ৰাত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক ইমানুবেল মুছাহাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, প্ৰাক্তন এম চি এল এ চণ্ডী বসুমতাৰী লগতে তিনি শতাধিক নেতা কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in