শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন

156

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘিলিপাৰত শনিবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, সন্ধিয়া ৭ মান বজাত দিঘিলিপাৰ গাঁৱৰ জিতেন দাসৰ পুত্ৰ ৰূপান্তৰ দাসে(৩৫) নিজ গৃহৰ পৰা ৰঙিয়া-ভূটান পথেৰে খোজকাঢ়ি দোকানলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।

ভুটানৰ পৰা ৰঙিয়া অভিমুখি এএছ০১-ডিজে-০৪৮৩ নম্বৰৰ এখন তীব্ৰবেগী পালছাৰ বাইকে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰতৰভাৱে আহত হয় ৰূপান্তৰ দাস৷ গুৰুতৰভাৱে আহত ৰূপান্তৰ দাসক স্থানীয় লোকে ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

দূৰ্ঘটনা সংঘটিত কৰিয়েই বাইক আৰোহী কেইজনে বাইকখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ পিছত দূৰ্ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাইকখন উদ্ধাৰ কৰি থানালৈ লৈ যায় আৰু বাইক খনৰ গৰাকীৰ অনুসন্ধান অব্যাহত ৰাখে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি