জোতা, চেন্দেল, প্লাষ্টিকৰ চকীৰে অস্ত্ৰধাৰী ডকাইতক খেদি পঠিওৱা বৃদ্ধ দম্পত্তিক মুখ্যমন্ত্ৰীৰ সাহসিকতাৰ পুৰস্কাৰ

জোতা, চেন্দেল, প্লাষ্টিকৰ চকীৰে অস্ত্ৰধাৰী ডকাইতক খেদি পঠিওৱা বৃদ্ধ দম্পত্তিক মুখ্যমন্ত্ৰীৰ সাহসিকতাৰ পুৰস্কাৰ

ডিজিটেল ডেস্কঃ তামিলনাডুৰ তিৰুনেলৱেলী জিলাত দুই অস্ত্ৰধাৰী ডকাইতক জোটা, চেন্দেল, প্লাষ্টিকৰ চকীৰে খেদি পঠিয়াই সাহসিকতাৰ পৰিচয় দিয়া দম্পত্তিহালক শুকুৰবাৰে বিশেষভাৱে পুৰস্কৃত কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পলানীস্বামীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে নগদ ২ লাখ টকা আৰু সোণৰ পদকেৰে বৃদ্ধ দম্পত্তিহালে প্ৰদৰ্শন কৰা সাহসিকতাক সন্মানিত কৰে।

উল্লেখ্য যে, ১১ আগষ্ট অৰ্থাৎ দেওবাৰে নিশা প্ৰায় ৯ বজাত এহাল বৃদ্ধ দম্পত্তিৰ ঘৰত ডকিাইতি কৰিবলৈ প্ৰৱেশ কৰিছিল দুই অস্ত্ৰধাৰী ডকাইত। কিন্তু ৭০ বৰ্ষীয় শানমুগবেলু নামৰ বৃদ্ধ জনে আৰু তেওঁৰ ৬৪ বৰ্ষীয় পত্নী চেন্তথামৰাইয়ে সাহসেৰে ডকাইত দুজনৰ বিৰুদ্ধে যুঁজি অৱশেষত খেদি পঠিয়াবলৈ সক্ষম হয়।

ইফালে আৰক্ষীয়ে সদৰী কৰা মতে, ডকাইতৰে হোৱা তুমুৰ সংঘৰ্ষত সোঁহাতত আঘাত প্ৰায় বৃদ্ধাগৰাকীয়ে। লগতে তেওঁ ডিঙিত পিন্ধি থকা ৩৩ গ্ৰাম ওজনৰ এডাল সোণৰ চেইন ডকাইতে নিবলৈ সক্ষম হয়। উল্লেখ্য যে, তিৰুনেলৱেলীৰ সেই বাসগৃহত বৃদ্ধ-দম্পত্তিহাল অকলেই থকাৰ সুযোগ লৈ ডকাইতি কৰিবলৈ আহিছিল ডকাইত দুটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in