/asomiyapratidin/media/media_files/2026/01/21/1-2026-01-21-10-32-46.jpg)
ডিজিটেল ডেস্কঃ উদ্দেশ্যে দেশ মাতৃক সেৱা কৰা। দেশৰ বাবে জীৱন দিয়াত সকলো সময়তে প্ৰস্তহুত চাৰি বন্ধু। তামাৰহাটৰ জলডোবা গাঁৱৰ চাৰি বন্ধুয়ে অৰ্ধসামৰিক বাহিনীত চাকৰিৰ বাবে চলাইছিল অনুশীলন। দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে । তাকে প্ৰমাণ কৰিলে তামাৰহাটৰ চাৰিজন যুৱকে। অৱশেষত পিছপৰা গাঁওখনৰ চাৰি দুখীয়া পৰিয়ালৈ আহিল সেই আনন্দৰ খবৰটো।
/asomiyapratidin/media/post_attachments/109849b1-494.png)
কেন্দ্ৰীয় চৰকাৰৰ সদ্য ঘোষিত এছ,এছ, ছি -ৰ জি,ডি পৰিক্ষাত উত্তীৰ্ণ হৈ লাভ কৰিলে অৰ্ধসামৰিক বাহিনীৰ চাকৰি। ফলত উৎফুল্লিত গাঁওবাসী। অৰ্ধসামৰিক বাহিনীৰ BSF আৰু CRPF ত চাকৰিৰ নিযুক্তি লাভ কৰিলে এই চাৰিজন যুৱকে । গাওঁ খনৰ স্বপন ৰায় আৰু ৰূপক জ্যোতি বৰ্মনে CRPF ত নিযুক্তি লাভ কৰে। গাঁওখনৰ উমানন্দ ৰায় আৰু মুজাহাৰুল ইছলামে নিযুক্তি লাভ কৰে BSF ত ।
উল্লেখ্য যে, যুৱক চাৰিজনক কোকৰাঝাৰ জিলা আক্ৰাছুৱে সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভবিষ্যত কামনা কৰে। মোবাইল ফোনত আসক্ত নাথাকি শাৰীৰিক অনুশীলন আৰু পঢ়া-শুনাত মনযোগ দি দেশ মাতৃক সেৱা কৰাৰ বাবে আগুৱাই অহাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনায় চাৰি বন্ধুৱে ।
/asomiyapratidin/media/post_attachments/7c3dc9c0-678.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us