আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ…

আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ…
  • আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত অভিযুক্ত আপ নেতা তাহিৰ হুছেইনক দলৰ পৰা বহিষ্কাৰ।
  • তাহিৰ হুছেইনৰ বিৰুদ্ধে অংকিত শৰ্মাৰ পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পাছতেই এই সিদ্ধান্ত লৈছে আপে।
  • কিছু সময় পূৰ্বে টুইটাৰযোগে এই কথা সদৰী কৰিছে আম আদমি পাৰ্টীয়ে।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া ভাগত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ প্ৰমাণ পালে উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী কেজৰিৱালে।
  • ইফালে, তাহিৰ হুছেইনে দাবী কৰিছে যে তেওঁ নিজেই আক্ৰমণকাৰীৰ কবলৰ পৰা আৰক্ষীৰ সহায়ত নিজৰ আৰু পৰিয়ালৰ প্ৰাণৰক্ষা কৰিছিল।
  • এই ঘটনাত বিজেপি নেতা কপিল মিশ্ৰই অপবাদ জাপি দিয়া বুলি দাবী কৰিছে তাহিৰ হুছেইনে।
  • উল্লেখ্য যে, ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ এটা নলাত উদ্ধাৰ হৈছিল আই বি বিষয়া অংকিত শৰ্মাৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in