অভিনেত্ৰী তাপসীৰ ছবি ‘থপ্পড়’ৰ ট্ৰেইলাৰ মুকলিৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ প্ৰতিক্ৰিয়া…

অভিনেত্ৰী তাপসীৰ ছবি ‘থপ্পড়’ৰ ট্ৰেইলাৰ মুকলিৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ প্ৰতিক্ৰিয়া…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তাপসী পন্নুৰ আগন্তুক ছবি 'থপ্পড়'ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতেই দৰ্শকে আগ্ৰহেৰে ছবিগৃহত মুক্তি লাভ কৰাৰ বাবে অপেক্ষা কৰা দেখা গৈছে। ছবিখনৰ ট্ৰেইলাৰৰ পৰা বুজিব পৰা গৈছে যে, পাৰিবাৰিক কন্দলৰ সন্দৰ্ভত দেশৰ নাৰীসকলক সজাগ কৰাৰ চেষ্টাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে।

তাপসী পন্নুৰ এই ছবিখনক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ পাছত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। ইনষ্টাগ্ৰামত একাউণ্টত ছবিখনৰ ট্ৰেইলাৰৰ ভিডিঅ' শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে- 'আপোনালোকৰ কিমানজনে শুনিছে যে মহিলাসকলেই সদায় সকলো পৰিস্থিতিত মিলাই চলিব লাগে?'

https://www.instagram.com/tv/B8WEem1nuaO/?utm_source=ig_embed

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে লগতে লিখিছে যে- 'কোনে কোনেভাবে যে মাৰপিট কেৱল দৰিদ্ৰ মহিলাসকলৰ স্বামীয়েহে কৰে? কিমানজনে বিশ্বাস কৰে যেশিক্ষিত লোকে মাৰপিট নকৰে পত্নীৰ সৈতে? কিমানে নিজৰ কন্যা আৰু বোৱাৰীক কয় যে কোনোকথা নাই দিয়া এনেকুৱা আমাৰ সৈতেও হৈছিল কিন্তু চোৱা আজি আমি কিমান সুখী? মইপৰিচালকৰ ৰাজনৈতিক দৃষ্টিভংগীক সমৰ্থন নকৰো বা কিছু বিষয়ত একাংশ অভিনেতা-অভিনেত্ৰীৰসমৰ্থনো নকৰো। কিন্তু এইটো এনে এক কাহিনীৰ ছবি, যিখন মই নিশ্চয় চাম।' সকলোকে নিজৰপৰিয়ালৰ সৈতে এই ছবিখন চাবলৈ আহ্বান জনাই পোষ্টটোত আৰু লিখিছে- 'এগৰাকী মহিলাকপ্ৰহাৰ কৰাতো ভুল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in