নিউ দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ ২০২৬-লৈ চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক আমন্ত্ৰণ

এই অনুষ্ঠানটো ১৬ জানুৱাৰীত দিনৰ ১২ বজাত, নিউ দিল্লীৰ ৱৰ্ল্ড বুক ফেয়াৰৰ ভাৰত মণ্ডপম কমপ্লেক্সত অনুষ্ঠিত হ'ব। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ অধীনত ভাৰতৰ আগশাৰীৰ পাব্লিকেশ্বন ‘নেশ্বনেল বুক ট্ৰাষ্টে’এই অনুষ্ঠানৰ আয়োজন কৰিছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নিউ দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ-২০২৬ লৈ প্ৰসিদ্ধ চলচ্চিত্ৰ ইতিহাসবিদ আৰু চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক “ইউনিফৰ্ম অন স্ক্ৰিন: পট্ৰেল অফ ইণ্ডিয়ান মিলিটেৰী ইন চিনেমা” শীৰ্ষক বিষয়ত বক্তৃতা দিয়াৰ বাবে আমন্ত্ৰণ জনোৱা হয় ৷ এই অনুষ্ঠানটো ১৬ জানুৱাৰীত দিনৰ ১২ বজাত, নিউ দিল্লীৰ ৱৰ্ল্ড বুক ফেয়াৰৰ ভাৰত মণ্ডপম কমপ্লেক্সত অনুষ্ঠিত হ'ব। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ অধীনত ভাৰতৰ আগশাৰীৰ পাব্লিকেশ্বন ‘নেশ্বনেল বুক ট্ৰাষ্টে’এই অনুষ্ঠানৰ আয়োজন কৰিছে। 

WhatsApp Image 2026-01-03 at 1.36.46 PM

উল্লেখ্য যে- ভাৰত চৰকাৰে ২০২৬ চনৰ ১০ৰ পৰা ১৮ জানুৱাৰীলৈকে নিউ দিল্লীৰ ভাৰত মণ্ডপম কমপ্লেক্সত “নিউ দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ [এন ডি ডব্লিউ বি এফ] -২০২৬” আয়োজন কৰিছে ৷ বিশ্বৰ আটাইতকৈ ডাঙৰ  ‘বি টু চি’ বুক ফেয়াৰ হিচাপে পৰিগণিত ‘এন ডি ডব্লিউ বি এফ’, ইয়াৰ বৃহৎ সংখ্যক দৰ্শক, বিভিন্ন শাখা, ভাষা আৰু দেশৰ অগণন কিতাপ আৰু মনোমোহা সাহিত্যিক তথা সাংস্কৃতিক অনুষ্ঠানৰ বাবে জনাজাত ৷ এই বছৰ ৫৩ তম বুক ফেয়াৰৰ থীম হৈছে “ইণ্ডিয়ান মিলিটেৰী হিষ্টৰি : ভেলৰ এণ্ড উইছডম@৭৫৷ বিশেষভাৱে সাজ-পোছাক কৰা থীম পেভিলিয়নত, ভাৰতৰ বিভিন্ন ৰাজ্যৰ উৎকৃষ্ট চিন্তাবিদসকলে ভাৰতীয় সেনাৰ গৌৰৱময় ইতিহাস উন্মোচন কৰিব ৷

চলচ্চিত্ৰ নিৰ্মাতা