‘স্বৰাজোত্তৰ অসম ১৯৪৭-২০১৯’ সংশোধন নকৰা পৰ্যন্ত বন্ধ কৰাৰ দাবী দৰং আছু আৰু দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ…

‘স্বৰাজোত্তৰ অসম ১৯৪৭-২০১৯’ সংশোধন নকৰা পৰ্যন্ত বন্ধ কৰাৰ দাবী দৰং আছু আৰু দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ১৯৭২ চনত পৰিচালিত হোৱা মাধ্যম আন্দোলন আছিল এক স্বত:স্ফূত জাতীয় আন্দোলন, যি আন্দোলনত অসমৰ ধৰ্ম-বৰ্ণ-গোষ্ঠী-সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল। এই আন্দোলনৰ অন্যতম কাৰ্যসূচী ১৯৭২চনৰ ৫ অক্টোবৰৰ অসম বন্ধত দৰঙৰ খাৰুপেটীয়াত দোকান পোহাৰ খোলা ৰখা একাংশ ব্যৱসায়ীক বুজাই বঢ়াই দোকান বন্ধ কৰিবলৈ যোৱা আন আন ছাত্র পিকেটিংকাৰীৰ লগত আছিল মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিশোৰ ছাত্ৰ মোজাম্মিল হক।

শান্তিপূৰ্ণভাৱে দোকান বন্ধ কৰিবলৈ অনুৰোধ কৰা সত্বেও পূৰ্বৰে পৰা সষ্টম হৈ থকা আন্দোলন বিৰোধী দুষ্কৃতিকাৰীৰ দলে জধে মধে নিৰস্ত্ৰ আৰু নিৰীহ ছাত্ৰ সকলক লোহা লাঠি আদিৰে নিৰ্মম প্ৰহাৰ কৰাৰ ফলত আন আন ছাত্ৰৰ লগতে গুৰুতৰভাৱে আঘাট প্ৰাপ্ত মোজাম্মিলৰ অৱস্থা সংকটজনক হোৱাত তেওঁক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও পিছদিনা অৰ্থাৎ ১৯৭২ৰ ৬ অক্টোবৰত তাতেই তেওঁ মৃত্যু বৰণ কৰে আৰু সদৌ অসম ছাত্র সন্থাই তেওঁক মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ হিচাপে ঘোষণা কৰে।

কিন্তু সাংবাদিক মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাৰ ,সদ্য প্ৰকাশিত স্বৰাজোত্তৰ অসম ১৯৪৭-২০১৯ নামৰ গ্ৰন্থত এই আন্দোলনক বিকৃত ৰূপত তুলি ধৰি এই আন্দোলনক ঘাইকৈ অভিবাসী মুছলমান আৰু বঙালী হিন্দুৰ সংঘৰ্ষ হিচাপে অভিহিত কৰি ৫অক্টোবৰৰ দিনা এই দুই দলৰ সংঘৰ্ষৰ সময়ত পুলিচৰ গুলীতহে মোজাম্মিল হক নামৰ ছাত্ৰ গৰাকীৰ মৃত্যু হোৱা বুলি উক্ত গ্ৰন্থত সন্নিবিষ্ট কৰি প্ৰকাৰন্তৰে খিলঞ্জীয়া মুছলমান(গৰিয়া) সম্প্ৰদায়ৰ ছাত্র মোজাম্মিলকো অভিবাসী বা মিঞা মুছলমান সজোৱাৰ লগতে মাধ্যম আন্দোলনটিকো বিকৃত ৰূপত তুলি ধৰি ইতিহাস বিকৃত কৰাৰ গভীৰ ষড়যন্ত্ৰত মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতা লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে ।

এই ভাষ্য সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ। শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলযোগে দুয়োটা জাতীয় সংগঠনৰ হৈ দৰং আছুৰ সভাপতি খনীন্দ্ৰ ৰাজবংশী, সাধাৰণ সম্পাদক পৰাগ চহৰীয়া সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞা, জিলা সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদকদ্বয় মইনুল হক শইকীয়া আৰু ছফিকুল ইছলামৰ উপৰি ছহিদ পৰিয়ালৰ হৈ মোমায়েক ড: আমানুল হকে মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাৰ এনে হঠকাৰী কাৰ্যৰ ঘোৰ প্ৰতিবাদ কৰে আৰু অতি শীঘ্ৰে সংশোধন নকৰা পৰ্যন্ত গ্ৰন্থখন বন্ধ কৰিবলৈ দাবী কৰে।

মাধ্যম আন্দোলনৰ দৰে জাতিৰ স্বাভিমান জড়িত থকা জাতীয় আন্দোলনটিক এনেদৰে বিকৃত কৰি অসমীয়া জাতিৰ লগতে মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী ছহিদক অপমান কৰাৰ বাবে জাতীয় সংগঠন আৰু ছহিদ পৰিয়ালে গ্ৰন্থকাৰ দুজনক গৰিহণা দিয়ে আৰু অসমীয়া জাতিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ দাবী কৰে। সংবাদমেলত দৰং আছুৰ উপসভাপতি নিৰঞ্জন শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক প্ৰমোদ ডেকা, আন্ত: মঙলদৈ ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অজয় শইকীয়া, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মকছেদ আলি আৰু ছহিদ ভাতৃ বদৰুল হকো উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in