বিতৰ্কত এগৰাকী বলিউডৰ সুন্দৰী

বিতৰ্কত এগৰাকী বলিউডৰ সুন্দৰী

ডিজিটেল ডেস্কঃ বহু সময়ত বিভিন্ন জন লোক মুখৰ কথাৰ বাবে বিৰ্তকত সোমাই পৰে । ৰাজনীতিবিদ আৰু অভিনেতা সকল এই ক্ষেত্ৰত অকনমান বেছি আগবঢ়া ।

শেহতীয়াকৈ বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে সংবাদমেলত কৰা এক মন্তব্যৰ পাছতে বিৰ্তকত মেৰপাঁকত সোমাই পৰিছে । অভিনেত্ৰী গৰাকীয়ে এখন সংবাদ মেলত কয় যে,' যিবোৰ মানুহেহ জাতিৰ পিতা মহাত্না গান্ধীৰ হত্যা হওতে আনন্দ উল্লাহত মত্ত হৈ,সেই হত্যা উদযাপন কৰিছিল, সেইসকলেই এতিয়া শাসনৰ গাদীত অধিস্থিত'।

সংবাদ মাধ্যমৰ সন্মুখত এইদৰে বিৰ্তকিত মন্তব্য প্ৰদান কৰে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী স্বৰা ভাস্কৰে । অভিনেত্ৰী গৰাকীয়ে নতুন দিল্লীত অনুষ্ঠিত এই সংবাদমেলত সংবাদমাধ্যমক ওলোটাই প্ৰশ্ন কৰে যে ' এই অপৰাধী সকলক জেইলৈ প্ৰেৰন কৰিব লাগে নে নালাগে আপোনালোকে বিচাৰ কৰক' । উল্লেখ্য যে, স্বৰা ভাস্কৰে পূৰ্বতেও নিজৰ মন্তব্যৰ বাবে বহুবাৰ বিৰ্তকত সোমাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in