ইয়াত এখন ঘৰ আছিল…

ইয়াত এখন ঘৰ আছিল…

♦ উৎপলা কৌৰ

ৰাতিপূৱাই খাওঁ খাওঁ কৈ ওলাই অহা ৰ'দটোক ভয় কৰি হাত সাৱটি বহি থকা মানুহ নহয় চায়ৰা বানুহঁত। বেলিটোৰ লগতে উঠি বেলিটোৰ লগতেই সংসাৰৰ সকলো কামৰ আঁত মৰা সিহঁতৰ শৰীৰ ভাগৰিলেও মন ভাগৰি নপৰে। প্ৰকৃততে মনেৰে ভাগৰি পৰাটো সিহঁতৰ বাবে বিলাসিতাহে মাথোঁ। তথাপি দুদিনমানৰ পৰা ৰৈ ৰৈ কিবা এটাই চায়েৰা বানুক খোচা-বিন্ধা কৰি আছে। অৱধাৰিত বুলি জানিলেও কিছুমান কথা যে সহ্য কৰা বৰ কঠিন!

সিহঁতে লোৱা নতুন ঘৰটো আগৰ ঘৰটোৰ পৰা বেছি দূৰৈত নহয়। তৰ্জাৰ বেৰবোৰৰ পৰা মাটি খহি খহি এৰা-পৰলীয়া যেন হৈ পৰা ঘৰটো দেখি তাইৰ পাহৰি থাকিব খোজা শোকটো উজাই আহিছিল। ঘৰটোৰ পিছফালৰ বেৰখনৰ প্ৰায় লগতে লাগি থকা থিয়, মানুহে কুৰুকি কুৰুকি লঠঙা কৰা পাহাৰটোৰ পৰাই আলতীয়া, ৰঙা মাটি পাছিয়ে পাছিয়ে কঢ়িয়াই, পানী মিহলাই ভৰিৰে ফেনেকি ফেনেকি কোমল কৰি থকাৰ সময়লৈকে তাই চাৰিবাৰমান বমিয়েই কৰিলে। ৰাতিপুৱাই খালী পেটৰ সেউজীয়া পানীৰ লগতে দিনটো যিমান যি খালে তাৰে একোৱেই পেটত নৰ'ল। ৰঙা মাটিখিনিৰ মাটি মাটি গোন্ধ, ক'ৰবাৰ পৰা ভাঁহি অহা দাইলত তেল মৰাৰ গোন্ধ, বিড়িৰ গোন্ধ, ধূপৰ গোন্ধ একোকে তাই সহিব নোৱাৰা হৈছে।

চায়েৰাৰ দেহটোৰ দৰেই বিধ্বস্ত হৈ পৰা বেৰবোৰত মাটি লেপি, শেলুৱৈয়ে খাই পেলোৱা ঘৰটোৱে মোট সলোৱা ৰূপটো চাই কিছু সকাহ পালে তাই। দুদিনৰ কষ্টৰ ফল এইয়া তাইৰ। মূৰৰ ঘূৰণিটোৰ বাবেই দুকোঠলীয়া ঘৰটোৰ মজিয়া লেপোতে প্ৰায় আগবেলাটোৱে গুচি গ'ল আজি তাইৰ।

গধূলিলৈ আব্দুলে ডাঙৰ পুতেকটোৰ সৈতে কামৰ পৰা ঘূৰি অহাৰ সময়ত শুই আছিল তাই। নতুন ঘৰত পুৰণা অকাঠী গছৰ বিছনাখনত বাগৰ দি থাকোঁতে ভাগৰতকৈ পুৰণা ঘৰখনলৈ মনত পৰিহে গাটো অৱশ লাগিছিল। তাইৰ সৰু ল'ৰা জয়নাল সেইখন ঘৰতে জন্মিছিল। তালৈ থাকিবলৈ যাওঁতে মাজু ল'ৰাটো খোজ দিব পৰা হৈছিলহে। ঠাইখন আপোন আপোন লাগিবলৈ ধৰিছিল। এখন ঘৰৰ পৰা আন এখন ঘৰক নিজৰ ঠিকনাৰ ৰূপ দিবলৈ চায়েৰা বানুহঁতৰ কি থাকেনো? নাম মাত্ৰ পিন্ধা কাপোৰ-কানিকেইটা, শীতৰ সম্বল হিচাপে ল'ৰাকেইটাৰ মূত্ৰ-বিষ্ঠা, বমি, তাইৰ গা-ভাৰী নথকা মাহবোৰৰ ৰং, গিৰিয়েকৰ সৈতে কটোৱা একান্ত মুহূৰ্তবোৰৰ সাক্ষৰ বহন কৰি দাগ লাগি লাগি মোট সলোৱা কেঁথা-কম্বলকেইখন, পাকঘৰৰ এলুমিনিয়ামৰ লাম-লাকটুকেইটা, দৰৱৰ বটলেৰে বনোৱা কেৰাচিনৰ চাকি দুটামান, বেৰত গজাল পুতি ওলোমাই থোৱা প্লাষ্টিকৰ ফ্ৰেমৰ আইনাখন, অকাঠী বিছনা আৰু পীৰাকেইখনহে!

"শিপাৰে সৈতে উঘালি আনিম গছকেইজোপা আৰু নতুন ঘৰৰ পিৰালিৰ কাষতে দকৈ গাঁত খান্দি পুতি থ'ম", পিৰালিৰ ঢাপত ৰোৱা কণ জলকীয়া আৰু পোৱাল বেঙেনাজোপা এৰি অহাৰ দুখটোৰ উমান পাই আব্দুলে কৈছিল তাইক। পিছে তাৰ আগতেই সেইকেইডাল নিজৰ শিপাৰ পৰাই পৃথক হৈছিল। তাৰ ঠাইত গোঁজ পুতি বহিছিল পাইনগছৰ পুলি। তাত পার্ক হ'ব। মূৰত পাছি তুলি ৰ'দ-বতাহ নেওচি মছলা কঢ়িয়াই চায়েৰাহঁতে গঢ় দিয়া বহুমহলীয়া ঘৰটোৰ নতুন আবাসীসকলৰ শিশুবোৰে খেলিব তাত। বয়োজ্যেষ্ঠ সকলে খোজকাঢ়িব, মহিলাসকলে দৌৰি দৌৰি দেহৰ চৰ্বি গলাব। গছ দুজোপা এৰি অহাৰ দুখ তাইৰ ডাঙৰ ল'ৰাটো হোৱাৰ পাছতে পেটতে 'কাল' হৈ জন্ম পোৱা ছোৱালীজনীৰ স্মৃতিয়ে দিয়া দুখতকৈ কম নহয়!

বঁতিয়াই বঁতিয়াই লেবেজান হোৱা শ্ৰমকাতৰ শৰীৰে ৰাতিলৈ জ্বৰত চাটি-ফুটি কৰি পূবে ঢলফাট দিয়ালৈ বাট চাই থাকিল। তাইৰ লগতে সাৰে থাকিল আব্দুল। পিছদিনা পুৱাই আব্দুলে চায়েৰাক ওচৰৰ ডিচপেনচেৰীখনলৈ নিবলৈ অনা ৰিক্সাখনত উঠিয়েই আব্দুলৰ কান্ধতে মূৰটো পেলাই দিলে তাই।

বাটতে সিহঁতে আগতে থকা ঘৰটোৰ প্ৰকাণ্ড চৌহদটো পৰে। গোটেইচোৱা পথ আব্দুলৰ কান্ধত মূৰ পেলাই যোৱা তাইৰ মূৰটো সেইখিনি পাওঁতে নিজে নিজে উঠিল আৰু প্ৰকাণ্ড চৌহদটোৰ মাজত সগৰ্বে থিয় দি থকা অট্টালিকাটোৰ ফালে তাইৰ দৃষ্টি প্ৰসাৰিত হ'ল।  আসঃ! তাইৰ আপোন আপোন যেন লগা ঠাইখিনি! সিহঁতৰ আগৰ ঘৰটো থকা ঠাইকণ ওখ দেৱালে বাহিৰৰ পৰা নেদেখাকৈ লুকুৱাই পেলাইছে। দ্বিতীয় মহলাৰ আধাৰ পৰাহে ফ্লেটবোৰ ৰিক্সাখনৰ ওপৰৰ পৰা দেখা যায়। কিছুমান ফ্লেটৰ ৰঙীন পৰ্দাই কোঠাবোৰ 'ঘৰ' হোৱাৰ কথা গুণগুণাই আছে। কিছুমানৰ আটাইবোৰ খিৰিকী-দুৱাৰ বন্ধ- সেইবোৰ ফ্লেট এতিয়াও গৃহস্থৰ পৰশৰ অপেক্ষাত।

তৃতীয় মহলাত উজ্জ্বল শৰীৰৰ মানুহ এগৰাকীয়ে কাপোৰ এখনেৰে বাৰান্দাৰ চিকচিকিয়া, এলুমিনিয়ামৰ নতুন ৰেইলিংবোৰ মচি আছে- তাকে দেখি চায়েৰাৰ শুকান ওঁঠযোৰত হাঁহি এটি বিয়পি পৰিল। ইমান যে আলফুলে মানুহজনীয়ে মচা কামটো কৰিছে, ঠিক কালি চায়েৰাই ৰঙা মাটিৰে মজিয়াখন লেপাৰ দৰে! ইয়াতে মানুহজনীৰ নতুন ঘৰখন হ'ব!

হঠাতে চায়েৰাৰ সেই মানুহজনীক সুধিবলৈ মন গ'ল, ইয়াত থাকিবলৈ পুৰণা ঘৰখন এৰি অহাৰ সময়ত তেওঁৰো বুকু বিষাইছিলনে?!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in