আৰক্ষী বিষয়াক অপদস্থ কৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক দীপাঞ্জলি কাকতিক নিলম্বন…

আৰক্ষী বিষয়াক অপদস্থ কৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক দীপাঞ্জলি কাকতিক নিলম্বন…

ডিজিটেল ডেস্ক : আৰক্ষী বিষয়াক থানাৰ ভিতৰতে অপদস্থ কৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক দীপাঞ্জলি কাকতিক বিজেপি দলৰ পৰা নিলম্বন । ৰাজ্যিক বিজেপিৰ সআধৰন সম্পাদক ডা : ৰাজদীপ ৰায়ে এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰে ।

বিবৃতিটোত ৰাজ্যিক সাধৰণ সম্পাদক গৰাকীয়ে কয় – দীপাঞ্জলি কাকতিয়ে ভয় -ভীতি প্ৰদৰ্শন কৰি চৰকাৰা কামত বাধা প্ৰদান কৰাৰ লগতে কৰ্তব্যৰত পুলিচ বিষয়াক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে এই সন্দৰ্ভত থানাত গোচৰ ৰুজু হৈছে । যাৰ ফলত জনমানসত দলৰ ভাৱমূৰ্তি ম্লান হৈছে ।

অভিযোগৰ গোচৰ নিষ্পত্তি হৈ অভিযোগমুক্ত নহোৱা পৰ্য্যন্ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎদাসে তৎকালে বলবৎ হোৱাকৈ দলৰ পৰা নিলম্বন কৰে দীপাঞ্জলি কাকতিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in