তপন গগৈৰ গৃহ সমষ্টি সোণাৰিত সুশান্ত বৰগোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ, VIDEO

তপন গগৈৰ গৃহ সমষ্টি সোণাৰিত সুশান্ত বৰগোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ, VIDEO

ডিজিটেল সংবাদ, সোণাৰিঃ লোকসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে৷ ১২ নং যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে সোমবাৰে বিজেপিৰ প্ৰাৰ্থী তপন গগৈ গৃহ সমষ্টি সোণাৰিত নিৰ্বাচনী ৰণডংকা বজায়।

দিনৰ ১১ বজাত সমষ্টিটোত উপস্থিত হোৱা লগে লগেই দলীয় সমৰ্থকে যুৱ-নেতা গৰাকীক সমদল কৰি খনা বাগিচাৰ তিনিআলিৰ পৰা চফ্ৰাই হৈ সোণাৰি নগৰলৈ আদৰি আনে। উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰাৰ পাছত সন্ধিয়ালৈ সোণাৰি নগৰত এক সংবাদমেলৰ আয়োজন কৰিছে।

বৰগোঁহাইক সোণাৰি সমষ্টিৰ যুৱ নেতা তথা কংগ্ৰেছ কৰ্মী উৎপল গগৈৰ লগতে ভালে কেইগৰাকী নেতা কৰ্মীয়ে সংগ দিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in