চিকিৎসালয়ত ক্ৰিকেটাৰ সুৰেশ ৰাইনা…

চিকিৎসালয়ত ক্ৰিকেটাৰ সুৰেশ ৰাইনা…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা চিকিৎসাধীন। আৰ্মষ্টাৰদামত শুকুৰবাৰে আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় খেলুৱৈগৰাকীৰ। কিছুদিন ধৰি আঁঠুৰ ৰোগত ভুগি থকা ৩২ বছৰীয়া খেলুৱৈগৰাকীক সম্পূৰ্ণ সুস্থ হোৱাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ৬ মাহ।

কেইবামাহো ধৰি আঁঠুৰ ৰোগত ভুগি আছিল খেলুৱৈগৰাকী। শুকুৰবাৰে সুন্দৰভাবে সম্পন্ন হয় তেওঁৰ অস্ত্ৰোপচাৰ। ৰাইনাৰ চিকিৎসক ডাঃ এইছ ভানদাৰ হ'ভেনে এই কথা জানিবলৈ দিছে। চিকিৎসকগৰাকীয়ে লগতে কৈছে যে, 'সুস্থ হোৱাৰ বাবে তেওঁক ৪ৰ পৰা ৬ মাহৰ জিৰণি প্ৰয়োজন হ'ব।'

ইফালে বি চি চি আইয়েও এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, খেলুৱৈগৰাকীয়ে এতিয়ালৈকে ১৮ খন টেষ্ট মেচ খেলাৰ লগতে ২২৬ খন এদিনীয়া খেলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in