কেঞ্চাৰ আক্ৰান্তৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ, মাতৃৰ কোলাত শেষ চকু মুদিব বিচাৰে অভিযুক্তই

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ অবৈধ আৰু নকল মুদ্ৰাৰ সৰবৰাহত অভিযুক্ত হৈ কাৰাগাৰত বন্দী জীৱন কটাই থকা এজন কেঞ্চাৰ আক্ৰান্ত ৰোগীৰ জামিন আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। কাৰাবন্দী আশু জৈফ নামৰ লোকজনে মাতৃৰ কোলাত শেষ চকু মুদাৰ ইচ্ছা প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত অন্তবৰ্তীকালীন জামিনৰ বাবে আবেদন জনাইছিল। এই সন্দৰ্ভত ন্যায়ালয়ৰ বিচাৰপীঠে ৫ জুনত আৰক্ষীৰ পৰা উত্তৰ বিচৰাৰ পিছত বুধবাৰে লোকজনৰ জামিন আবেদন খাৰিজ কৰে।

উল্লেখ্য যে, নকল মুদ্ৰা আৰু অবৈধ ধনৰ সৰবৰাহ সংক্ৰান্ত এক গোচৰত ২০১৮ বৰ্ষত ৰাজস্থান উচ্চ ন্যায়ালয়ে ৪২ বৰ্ষীয় আশু জৈফক কাৰাদণ্ডৰ শাস্তি বিহিছিল। কাৰাগাৰৰ ভিতৰতে মুখৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা অভিযুক্তজনে অগ্ৰীম জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনায় যদিও যোৱা ২৪ এপ্ৰিলত আদলতে সেই আবেদন খাৰিজ কৰে।

তাৰ পিছতে আশু জৈফে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত আদালতে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰে। তেওঁ আবেদনত জামিনৰ কাৰণ সন্দৰ্ভত উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰৰ শুনানি হোৱাৰ পূৰ্বেই তেওঁৰ মৃ্ত্যু ঘটিব। কিন্তু তেওঁ তেওঁৰ মাতৃৰ কোলাত শুই মৃত্যুক সাৱটিব বিচাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in