প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে’লে ল’ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ প্ৰৱজিত শ্ৰমিকক নিজ নিজ স্থানলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে এই বিষয়ত শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। মে'ৰ ১ তাৰিখৰ পৰা শ্ৰমিক বিশেষ ৰে'ল চলাচল কৰাৰ পৰা খোজকাঢ়ি দৰিদ্ৰ শ্ৰমিকে ঘৰলৈ যোৱালৈকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। ইতিমধ্যে খাদ্যৰ অভাৱ আৰু আৰু ৰ'দৰ উত্তাপ সহিব নোৱাৰি বহু শ্ৰমিকে প্ৰাণ হেৰুৱাইছে।

সৰ্ব্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰি কোনো শ্ৰমিকৰ পৰাই ৰে'লে ভাড়া ল'ব নোৱাৰিব বুলি মন্তব্য কৰে। লগতে যদি কোনো ৰাজ্যই শ্ৰমিকৰ বাবে ৰে'ল বিচাৰে তেন্তে ৰে'ল বিভাগে ততাতৈয়াকৈ সেই ৰে'ল যোগান ধৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ৰে'লৰ যি ভাড়া হয়, সেই ভাড়া ৰাজ্যসমূহে বহন কৰিব লাগিব। লগতে যি স্থানতে প্ৰয়োজন সেই স্থানতে আবদ্ধ শ্ৰমিকক প্ৰতিখন ৰাজ্যই খাদ্য যোগান ধৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে।

ইফালে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ইয়াকো কয় যে, ৰে'ল বিভাগৰ লগতে শ্ৰমিকসকলৰ গৃহ ৰাজ্যই তেওঁলোকক খাদ্য যোগান ধৰিব লাগিব। লগতে বাছত অহা লোককো চৰকাৰে যোগান ধৰিব লাগিব খাদ্য আৰু পানী। প্ৰৱজিত শ্ৰমিকসকলৰ নাম পঞ্জীয়ন কৰাৰ লগতে যাতে সেই শ্ৰমিকসকলে যাতে যাত্ৰা কৰে সেই ক্ষেত্ৰতো ৰাজ্য চৰকাৰসমূহে গুৰুত্ব দিব লাগিব। লগতে প্ৰয়োজনীয় প্ৰতিক্ষেত্ৰলৈ শ্ৰমিকৰ সবিশেষ তথ্য প্ৰেৰণ কৰিব লাগিব। ন্যায়ালয়ে দিয়া আন এটা ৰায় হৈছে যদিহে কোনো প্ৰৱজিত শ্ৰমিকক পথত দেখা পোৱা যায় তেতিয়া তেওঁলোকক শীঘ্ৰে উদ্ধাৰ কৰি আশ্ৰয় গৃহলৈ নিয়াৰ লগতে খাদ্যৰ লগতে আন সুবিধা দিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in