চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে গোচৰ ৰুজু কামৰূপ আৰক্ষীৰ…

চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে গোচৰ ৰুজু কামৰূপ আৰক্ষীৰ…

ডিজিটেল সংবাদ, আমিনগাঁওঃ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে হাহাকাৰ লগাইছে অসম আৰক্ষীৰ ভিতৰচ'ৰাত । চূপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । আৰক্ষী সঞ্চালক প্ৰধানেও কামৰূপৰ বাইহাটা অঞ্চলত চলি থকা চুপাৰী ছিণ্ডিকেটৰ তদন্তৰ নিৰ্দেশ কামৰূপ আৰক্ষীৰ । ইয়াৰ পিছতে কামৰূপ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে বাইহাটা চাৰিআলি আৰক্ষী থানাত ।

কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই এক সংবাদ মেল সম্বোধন কৰি চুপাৰী ছিণ্ডিকেটত কামৰূপ আৰক্ষী কোনোপধ্যেই জড়িত নহয় বুলি ষ্পষ্ট কৰি দিয়ে । চুপাৰীয়ে নহয় যিকোনো ধৰনৰ ছিণ্ডিকেট কামৰূপ আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰাৰ পক্ষপাতি বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মত ব্যক্ত কৰে ।

জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে চুপাৰী ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীব শইকীয়াক দায়িত্ব প্ৰদান কৰে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

ইফালে কামৰূপ জিলা ছাত্ৰ সন্থাই চুপাৰী ছিণ্ডিকেটৰ উচিত তদন্ত কৰি দোষীক দৃস্তান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ প্ৰদান কৰি আছু নেতৃত্বই সকলো ধৰণৰ ছিণ্ডিকেট ৰোধ কৰাৰ বাবেও দাবী উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in