সোণতলীত বন বিভাগৰ বৃহৎ সাফল্য, জব্দ লক্ষাধিক টকাৰ অবৈধ কাঠ…

সোণতলীত বন বিভাগৰ বৃহৎ সাফল্য, জব্দ লক্ষাধিক টকাৰ অবৈধ কাঠ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ মাহতলী সাপ্তাহিক মঙলবৰীয়া বজাৰত মংগলবাৰে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰামতে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ ডি এফ অ' ডিম্পী বৰাৰ নিৰ্দেশমৰ্মে ৰেঞ্জাৰ বাপধন মজুমদাৰৰ নেতৃত্বত সোণতলী আৰক্ষীৰ সহযোগত মংগলবাৰে সোণতলীৰ মাহতলী সাপ্তাহিক মঙলবৰীয়া বজাৰত আকস্মিকভাৱে অভিযান চলায়৷

বন বিভাগৰ অভিযানকালত মাহতলী বজাৰৰ ৯ খন অবৈধ কাঠৰ দোকানৰ তলা ভাঙি বিক্ৰীৰ বাবে জমা ৰখা বিভিন্ন ধৰণৰ অবৈধ ফলা কাঠখিনি জব্দ কৰে৷ ইপিনে বন বিভাগৰ লোক অহাৰ উমান পাই অবৈধ কাঠৰ দোকানীসকলে দোকানত তলা লগাই আতৰি যায়৷ জব্দকৃত অবৈধ ফলা কাঠখিনিৰ মূল্য কেবা লক্ষাধিক টকা হ'ব৷ আনহাতে জব্দকৃত অবৈধ ফলা কাঠখিনি বামুণীগাঁও, বকো, বন্দাপাৰাৰ বন বিষয়াৰ কাৰ্যালয়লৈ নিয়া বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in