মুম্বাইৰ গলিৰ পৰা বিশ্বৰ বুকুলৈ যাত্ৰা… ডাঙৰ হ’লে ৰজনীকান্তৰ দৰে অভিনেতা হ’ব খোজে চানীয়ে

মুম্বাইৰ গলিৰ পৰা বিশ্বৰ বুকুলৈ যাত্ৰা… ডাঙৰ হ’লে ৰজনীকান্তৰ দৰে অভিনেতা হ’ব খোজে চানীয়ে

ডিজিটেল ডেস্কঃ মুম্বাইৰ গলিত জন্মিলও সপোন তাৰ উৰ্ধ্বত। দৰিদ্ৰতাৰ মাজতো নিজৰ প্ৰতিভা আৰু দক্ষতাৰ বলত আজি সমগ্ৰ বিশ্বৰ মাজত পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে এই শিশুটিয়ে। ডাঙৰ হ'লে এদিন ৰজনীকান্তৰ দৰে হ'ব খোজা এই শিশুটিৰ নাম চানী পাৱাৰ।

মুম্বাইৰ কালিনাৰ কুঞ্চী কাৰ্ভ নগৰৰ বস্তি অঞ্চলত বাস কৰা অতি দৰিদ্ৰ পৰিয়ালৰ শিশু চানী পাৱাৰ। অভিনয়ৰ প্ৰতি থকা চানীৰ অদম্য স্পৃহা আৰু প্ৰতিভাই এদিন শিশুটিক এটা সুযোগ প্ৰদান কৰিছিল। পৰিচালক চফদৰ ৰহমানে এদিন শিশুটিৰ অভিনয় দেখি এখন ছবি নিৰ্মাণৰ কথা মননৈ আনিছিল। আৰু সেই ছবিখনেই আজি সমগ্ৰ বিশ্বৰ বুকুত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে শিশু অভিনেতা চানী পাৱাৰক।

'চিপ্পা' নামৰ এই শিশুকেন্দ্ৰিক ছবিখনে কেইবাটাও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছতে এইবাৰ ১৯সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-২০১৯তো জিলিকি উঠিছে। এই ছবি মহোৎসৱত 'চিপ্পা'ত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে চানী পাৱাৰে লাভ কৰে শ্ৰেষ্ঠ শিশু অভিনেতাৰ সন্মান।

উল্লেখ্য যে, ২০১৬ চনত অষ্ট্ৰেলিয়ান পৰিচালক গাৰ্থ ডেভিছে পৰিচালনা কৰা 'লায়ন' নামৰ ছবিখনতো অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল চানী পাৱাৰে। সেই ছবিখনৰ মাজেৰেই নিজৰ অভিনয় প্ৰতিভা দুৰ্দান্ত ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছিল ১১ বছৰীয়া চানীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in