৬২ত ছানী দেউল

৬২ত ছানী দেউল

ডিজিটেল ডেস্কঃ তেওঁৰ এখন হাতৰ ওজন ডেৰ কিলোগ্ৰাম। কন্ঠৰো আছে নিজা স্বকীয়তা। এসময়ত বলিউদৰ ছবিত নিজৰ একশ্যনৰে কোটি কোটি দৰ্শকৰ হৃদয়ত থিতাপি লোৱা ছানী দেউলে আজি ভৰি থলে ৬২ বছৰ বয়সত।

১৯৫৬ চনৰ ১৯ অক্টোবৰত জন্ম হৈছিল বলিউদৰ এই জনপ্ৰিয় অভিনেতাজন। বলিউদৰ যশস্বী অভিনেতা ধমেন্দ্ৰৰ বৰপুত্ৰ ছানী দেউল। বহুতে হয়তো নাজানে যে ছানী দেউলৰ আচঁল নাম অজয় সিঙ দেউল। পৰিয়ালৰ সকলোৱে মৰমত মতা নাম আছিল 'ছানী' আৰু পিছলৈ ছবিজগতত তেওঁ ছানী নামেৰেই জনপ্ৰিয় হৈ পৰিল।

১৯৮৩ চনত ৰোমাণ্টিক হিন্দী ছবি 'বেটাব'ৰ জৰিয়তে বলিউদত প্ৰৱেশ কৰিছিল ছানীয়ে। অৰ্থনৈতিকভাৱে সফল বহুকেইখন হিট হিন্দীছবি উপহাৰ দিয়া ছানী দেউল এজন সফল ব্যৱসায়ীয়ো।

প্ৰতিষ্ঠিত 'ছনী চাউণ্ড ষ্টুডিঅ' কোম্পানীত বিশাল পৰিমাণৰ ধনৰ অংশীদাৰ আছে ছানীৰ। ইয়াৰ লগতে ভাতৃ ববী দেউল আৰু পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে ৰেষ্টুৰেন্টৰ ব্যৱসায়ো চম্ভালে ছানী দেউলে।

সংবাদমাধ্যমৰ পৰা দূৰত অৱস্থান কৰা ছানী দেউলে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল ইংলেণ্ডৰ বাৰ্মিংহামৰ 'দ্য অল্ড ৱল্ড থিয়েটাৰ'ৰ পৰা। পত্নী পূজা দেউল আৰু দুই সন্তান কৰণ আৰু ৰাজবীৰৰ সৈতে এখন সুখৰ সংসাৰ ছানী দেউলৰ।

অভিনয় জীৱনত কেইবাবাৰো ৰাষ্ট্ৰীয় পুৰষ্কাৰেৰে সন্মানিত হোৱা ছানী দেউলক জন্মদিনৰ দিনা দেশৰ ভিন্ন প্ৰান্তৰ অসংখ্য অনুৰাগীয়ে জ্ঞাপন কৰিছে ৬২ সংখ্যক জন্মদিনৰ শুভকামনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in