ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক ৰূপে সুনীল যোশীক নিযুক্তি প্ৰদান…

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক ৰূপে সুনীল যোশীক নিযুক্তি প্ৰদান…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ সুনীল যোশীক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে। বিচিচিআইয়ে সুনীল যোশীৰ উপৰিও হৰবিন্দৰ সিঙক নিৰ্বাচক ৰূপে নিযুক্তি প্ৰদান কৰিছে। এতিয়াৰে পৰা সুনীল যোশীয়ে প্ৰাক্তন নিৰ্বাচক এম এছ কে প্ৰসাদৰ ঠাইত দায়িত্ব পালন কৰিব।

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা সুনীল যোশী দলটোৰ নতুন নিৰ্বাচক ৰূপে নিযুক্তি লাভ কৰিব বুলি চৰ্চা হৈ আহিছে। আৰু ক্ৰিকেট এডভাইজৰী কমিটীয়ে অৱশেষত তেওঁকেই নিৰ্বাচন কৰে এই পদৰ বাবে।এই এডভাইজৰী কমিটীত আছিল আৰ পি সিং, সুলক্ষণা নায়ক আৰু মদন লাল।

প্ৰণিধানযোগ্য যে, সুনীল যোশীয়ে ভাৰতৰ হৈ ১৫খন টেষ্ট আৰু ৬৯খন এদিনীয়া খেলিছে। তেওঁ নিজৰ ক্ৰিকেট কেৰিয়াৰত মুঠ ৬১৫টা উইকেট দখল কৰিছিল। আনহাতে, হৰবিন্দৰ সিঙে নিজৰ কেৰিয়াৰত ৩খন টেষ্ট আৰু ১৬খন এদিনীয়া খেলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in