ঘৰৰ মুধচৰ ওপৰেৰে উৰি পথাৰত পৰিছিলগৈ ছুখয়-৩০! ২ পাইলটৰ তৎপৰতাত কথমপি ৰক্ষা পৰিল মিলনপুৰবাসী… VIDEO

ঘৰৰ মুধচৰ ওপৰেৰে উৰি পথাৰত পৰিছিলগৈ ছুখয়-৩০! ২ পাইলটৰ তৎপৰতাত কথমপি ৰক্ষা পৰিল মিলনপুৰবাসী… VIDEO
  • তেজপুৰত ভূপতিত ছুখয়-৩০ যুঁজাৰু বিমান।
  • পেৰাছ্যুটেৰে জপিয়াই গুৰতৰভাৱে আহত বিমানখনৰ বৈমানিক দুজন।
  • পাইলটক সংকটজনক অবস্থাত উদ্ধাৰ ৰাইজৰ ।
  • পাইলত দুজনৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মিলনপুৰ গাঁও।
  • নহ'লে মিলনপুৰৰ শইকীয়া চুবুৰী গাওঁখনৰ বাসগৃহৰ ওপৰতে ভূপতিত হ'লহেঁতেন বিমানখন।
  • তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী মিলনপুৰত আজি নিশা প্ৰায় ৮ মান বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
  • মিলনপুৰৰ উপস্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ পথাৰত ভূপতিত হয় যুঁজাৰু বিমানখন।
  • দুৰ্ঘটনাৰ পাছতে জ্বলি ছাই হয় যুঁজাৰু বিমানখন।
  • ভূপতিত হোৱাৰ পূৰ্বেই বিমানৰ পৰা জপিয়াই দিয়ে দুই পাইলটে।
  • প্ৰাণৰ মমতাত পেৰাছ্যুটসহ কম উচ্চতাৰ পৰা জপিওৱাৰ ফলত দুয়োজন পাইলট গুৰুতৰভাৱে আহত হয়।
  • আহত এজন পাইলটৰ অৱস্থা অতি সংকটজনক।
  • ৰাইজে উদ্ধাৰ কৰে দুয়োগৰাকী পাইলটক।
  • এখন জাইল গাড়ীৰে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় পাইলটজনক।
  • জানিব পৰা মতে পাইলট পথাৰৰ বোকাত পৰে যদিও এজন পাইলটৰ এখন ভৰি টুকুৰা হৈ যোৱাৰ লগতে হাত ,বুকু আৰু  মূৰত গুৰুতৰভাৱে আঘাট পাইছে ।
  • ঘটনাৰ পাছতে মুৰ্ছা যোৱা পাইলতজন পি ছান্ত্ৰা বুলি জানিব পৰা গৈছে।
  • ইফালে ককাল আৰু মূৰত গুৰুতৰভাৱে আঘাট পোৱা আনজন পাইলটক বায়ুসেনা বাহিনীৰ এখন এম্বুলেঞ্চৰে চিকিৎসালয়লৈ লৈ যায়।
  • উল্লেখ্য যে তেজপুৰ বায়ু সেনাৰ শিবিৰৰ পৰা বৃহস্পতিবাৰৰ নিশা ৭.৩০ মান বজাত উৰা মাৰিছিল বিমানখনে।
  • কেই মুহূৰ্তমান উৰাৰ পাছতেই ভূপতিত হয় বিমানখন।
  • বায়ুসেনা শিবিৰৰ পৰা মাত্ৰ কিছু নিলগতে থকা মিলনপুৰ গাৱত দুৰ্ঘটনাত পতিত হয় ।
  • স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে ঘটনাৰ মাত্ৰ কেই ছেকেণ্ড মানৰ পূৰ্বে বিমান মিলনপুৰ গাঁৱৰ বহু বাসগৃহৰ মুধচৰ নিচেই কাষেৰে পৰা উৰি যোৱাৰ পাছতে পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ।
  • এইক্ষেত্ৰত বহু লোকে কয় পাইলট দুজনৰ বাবেই মিলনপুৰ গাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা পৰা ৰক্ষা পৰিল । 
  • দুয়োজন পাইলটৰ চেষ্টাৰ বাবেহে বিমানখন পথাৰত ভূপতিত হয় ।
  • এই দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয়গৈ বায়ূসেনাৰ লগতে শোনিতপুৰ জিলা প্ৰশাসন।
  • কেইবাখনো জুই নোমোৱা গাড়ীয়ে চেষ্টা কৰিছিল ভূপতিত বিমানখনৰ জুই নুমাবলৈ।
  • ঘটনাৰ পাছতেই মিলনপুৰ অঞ্চলত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ।
  • ইয়াৰ উপৰি তেজপুৰৰ বিভিন্ন প্ৰান্তৰৰ পৰা হাজাৰ হাজাৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত মূল পথত সৃষ্টি হয় যান-জঁটৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in