গহপুৰত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰত আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

গহপুৰত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰত আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাসৰ নিৰ্দেশক্ৰমে অলপতে মহকুমা প্ৰশাসনৰ কেইগৰাকীমান বিষয়াই গহপুৰৰ বহুকেইখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে।

প্ৰদৰ্শন কালত বিষয়াৰ দলটোৱে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ ২৯ খন বিদ্যালয় আৰু ২২ টা অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি বিদ্যালয় আৰু কেন্দ্ৰসমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মুঠ সংখ্যা আৰু উপস্থিতি, শিক্ষক, কৰ্মী, সহায়িকা আদিৰ উপস্থিতিৰ বহী তথা আকস্মিক ছুটীৰ বহীৰ উপলব্ধতা, খোৱাপানী, ডাষ্টবিন, মধ্যাহ্ন ভোজন আদিৰ পৰ্যাপ্ত ব্যৱস্থা, শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ, ৰান্ধনিঘৰ আদি আন্তঃগাঁথনিগত সা-সুবিধা সম্পৰ্কে বুজ লয়।

বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰা এই বিষয়াৰ দলটোত আছিল গহপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰমী বৰুৱা, হেলেমৰ চক্ৰ বিষয়া বিমান দাস, সহকাৰী আয়ুক্ত ৰিংকু বড়ো, হেলেমৰ সংলগ্ন চক্ৰ বিষয়া মৃদুল নাথ আৰু গহপুৰৰ সংলগ্ন চক্ৰ বিষয়া মনীষা নাথ।

পৰিদৰ্শনকালত বিষয়াসকলে বহুকেইখন বিদ্যালয়ত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ অস্বাস্থ্যকৰ ৰূপ প্ৰত্যক্ষ কৰাৰ লগতে শিক্ষকৰ অকৰ্তৃত্বশীল অনুপস্থিতি, আকস্মিক ছুটীৰ বহী ভালকৈ চোৱা-চিতা নকৰা, শিক্ষক-ছাত্ৰৰ উচ্চ অনুপাত আদিও প্ৰত্যক্ষ কৰে। সেইদৰে বহুকেইটা অংগনৱাড়ী কেন্দ্ৰত শিশুৰ শূন্য উপস্থিতি, সময়তকৈ বহু আগতেই কেন্দ্ৰসমূহ বন্ধ কৰা আৰু পৰিপুষ্টিদায়ক খাদ্য যোগানৰ স্থিতি অৱগত নকৰা আদি বিষয়ো পৰিদৰ্শনকাৰী বিষয়াসকলে লক্ষ্য কৰে।

পৰিদৰ্শনৰ অন্তত বিষয়াসকলে নিজৰ প্ৰতিবেদন মহকুমাধিপতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকীৰ হাতত দাখিল কৰে। অতিৰিক্ত উপায়ুক্ত ড০ দাসে এই প্ৰতিবেদনৰ বিষয়ে শোণিতপুৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া তথা বিশ্বনাথ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শোণিতপুৰ জিলাৰ সমাজ কল্যাণ বিষয়াগৰাকীক অৱগত কৰাৰ লগতে প্ৰতিবেদনত উন্মোচিত দিশসমূহৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়া দুগৰাকীক আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in