প্ৰতিবাদকাৰী-আৰক্ষীৰ সংঘৰ্ষঃ ২ সুৰক্ষাকৰ্মীসহ নিহত ১৯, আহত ২১৯

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ছুডানত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাই ১৯জনকৈ লোকে। ইফালে, ২১৯জন লোক গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে, ছুডানত দিনকদিনে হোৱা মূল্যবৃদ্ধিত অতীষ্ঠ হৈ পৰে নাগৰিকসকল। ফলত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদৰ সময়চোৱাত কোনো হিংসাত্মক ঘটনা সংঘটিত নোহোৱাৰ লক্ষ্যৰে নিয়োজিত কৰা আৰক্ষী সৈতেই সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদকাৰী। এই সংঘৰ্ষ ইমানেই হিংসাত্মক আছিল যে, ২১৯জন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে ১৯জনকৈ লোক নিহত হয়।

ইফালে, চৰকাৰী প্ৰবক্তা বোশৰা জুমাই এক সাক্ষাৎকাৰত জনায় যে, এই সংঘৰ্ষত দুজন সুৰক্ষাকৰ্মীসহ ১৯জন লোক নিহত হোৱাৰ লগতে ২১৯জন লোক গুৰুতৰভাৱে আহত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in