নামনি সোৱণশিৰি প্ৰকল্পত অথন্তৰঃ ৫ নং ডাইভাৰচন টাৰ্নেলৰ পাহাৰত বৃহৎ ভূমিস্খলন…

নামনি সোৱণশিৰি প্ৰকল্পত  অথন্তৰঃ ৫ নং  ডাইভাৰচন টাৰ্নেলৰ পাহাৰত বৃহৎ   ভূমিস্খলন…

ডিজিটেল সংবাদ,  ঢকুৱাখনা:   উত্তৰ অসমৰ  সভ্যতা সংস্কৃতিৰ  প্ৰতি প্ৰচণ্ড ভাবুকি  নমাই  নিৰ্মান কাৰ্য্য অব্যাহত আছিল নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ  কাম। নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই জলপ্ৰলয়ৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে মঙ্গলবাৰে  প্ৰকল্পটোত  পুনৰ সংঘটিত হয় অঘটন।  অৰুণাচল প্ৰদেশত সৃষ্টি হোৱা প্ৰবল বৃষ্টিপাতৰ পৰিণতিত  সোৱণশিৰীৰ বুকু ফেনে ফুটুকাৰে উফন্দি উঠি  মঙ্গলবাৰে প্ৰকল্পটোৰ  ৫ নং  দাইভাৰচন  টানেলৰ ওপৰৰ অংশত  সংঘটিত হয় শিহৰণকাৰী ভূমিস্খলন। পাহাৰটোৰ বৃহৎ  শৈল অংশ টানেলটোৰ সন্মুখত  খহি পৰি সৃষ্টি হৈছে  অভাৱনীয় পৰিস্থিতিৰ।  

একাংশ প্ৰত্যক্ষদৰ্শীয়ে    ৫ নং ডাইভাৰচন টানেলটোৰ  বৃহৎ অংশও  খহি পৰাৰ আশংকা কৰিছে। প্ৰবল শব্দ কৰি প্ৰবাহিত বিশাল জলধাৰাৰ ৰৌদ্ৰ ৰূপ ষ্টিমিত হ'লেহে  প্ৰকৃত ক্ষয় ক্ষতি পোহৰলৈ আহিব বুলি জনাইছে ।উল্লেখ্য যে  সোৱণশিৰী নদীৰ কফাৰ ডাম বিধ্বস্ত কৰি নামনিলৈ প্ৰবাহিত পানীৰ ঢলে  সোৱণশিৰি নদীৰ নামনি অংশত সৃষ্টি কৰিছিল প্ৰলয়ঙ্কৰী বানৰ বিভীষিকা ।পুনৰ  মঙ্গলবাৰে সৃষ্টি হোৱা   এই ভয়ানক অঘটনে  প্ৰকল্পটোৰ নিৰ্মান গোষ্ঠীয়ে  নৈ পৰীয়া নামনি অঞ্চলবাসীক অতদিনে দি অহা  নিৰাপত্তাজনিত অভয় বাণীৰ উলংগ স্বৰূপ জন দৃষ্টিত পুনৰবাৰ  উন্মোচিত হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in