সুস্থ হৈছে কণ্ঠশিল্পী সুবাসনা দত্ত, শুকুৰবাৰে পুনৰ যাব বঙাইগাঁৱলৈ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, বঙাইগাওঁঃ প্ৰায় দুসপ্তাহৰ বিৰতিৰ পিছত পুনৰ মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত৷ যোৱা ১৭ এপ্ৰিলত বঙাইগাঁৱত অনুষ্ঠান পৰিৱেশন কৰি গুৱাহাটীলৈ উভটি যোৱাৰ পথত ৰঙিয়াত দূৰ্ঘটনাগ্ৰস্থ হৈ আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী৷

তাৰপিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি দুসপ্তাহ বিৰতি লৈছিল শিল্পীগৰাকীয়ে৷ শুকুৰবাৰে পুনৰ বিৰতিৰ মূৰত অভয়াপুৰীৰ তুলুঙীয়াত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in