বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ…

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থী সকলে সাৱস্ত্য কৰে প্ৰতিবাদ।ছাত্ৰ-ছাত্ৰীসকলৰ কেইবাটাও সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদত বহিল শিক্ষাৰ্থীসকল। শীঘ্ৰেই বিশ্ববিদ্যালয়ত চলি থকা আসোঁৱাহসমূহ দূৰ কৰাৰ দাবী তুলিছে শিক্ষাৰ্থীসকলে।
শিক্ষাৰ্থী সকলে প্ৰতিবৰ্ষত হোষ্টেল সলনি কৰাৰ বিশ্ববিদ্যালয়ৰ নতুন সিদ্ধান্তৰ বিৰোধিতা কৰিছে। ইয়াৰ লগতে লগতে স্নাতকোত্তৰ বিভিন্ন বিভাগৰ পৰীক্ষা ফলাফল নিদিয়া কাৰ্যটো ক্ষোভ উজাৰিছে ছাত্ৰ সমাজে।

প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ সচিব দীলিপ বৰা উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ লগত আলোচনাত মিলিত হয়।আলোচনাৰ পিছতে মাঘ বিহুৰ পাছত শিক্ষাৰ্থীৰ দাবী সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত লোৱাৰ আশ্বাস দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in