মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ অভিলেখঃ কেগৰ প্ৰতিবেদনত ৰাজহৰ সঠিক ব্যয় আৰু বিত্তীয় শৃংখলাৰ বাবে ভূয়সী প্ৰশংসা

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ অভিলেখঃ কেগৰ প্ৰতিবেদনত ৰাজহৰ সঠিক ব্যয় আৰু বিত্তীয় শৃংখলাৰ বাবে ভূয়সী প্ৰশংসা

ডিজিটেল ডেস্কঃ ৭ দশকৰ ভাৰতীয় শাসন ব্যৱস্থাৰ ইতিহাসত এক অভূতপূৰ্ব নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে অৰবিন্দ কেজৰিৱালৰ দিল্লীৰ চৰকাৰ। কিয়নো কেজৰিৱালৰ চৰকাৰেই প্ৰথমখন চৰকাৰ, যি চৰকাৰে ৫ বছৰ একেৰাহে বাজেটত গ্ৰহণ কৰা আঁচনি আৰু ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ লগতে বিদ্যুৎ, খোৱাপানী, মহিলাৰ বিনামূলীয়া ভ্ৰমণ, ৰন্ধন গেছ, উচ্চমানৰ বিনামূলীয়া চিকিৎসা, শিক্ষা আদিৰ দৰে অভিলাসী আঁচনি ৰূপায়ণ কৰিও একেৰাহে সংগ্ৰীহিত ৰাজহৰ পৰা ৰাহি পুঁজি ৰাজ ভঁৰালত জমা ৰাখি যাবলৈ সক্ষম হৈছে।

এয়া অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ দাবী নহয়, দেশৰ চৰকাৰী হিচাপ পৰীক্ষণৰ সৰ্বোচ্চ ক্ষমতাশালী সংস্থা কেগৰ প্ৰতিবেদনৰ জৰিয়তে পোন প্ৰথমবাৰলৈ এখন চৰকাৰৰ এনে সফলতাৰ ছবি পৰিস্ফূট হৈছে। যাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ শাসনত থকা বিজেপিয়ে এয়া কেজৰিৱালৰ আভুৱাভৰা প্ৰচাৰ বুলি অভিহিত কৰিছে।

কিন্তু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে যোৱা ৩ ডিচেম্বৰ তাৰিখে দিল্লী বিধানসভাৰ অধিবেশনৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেগৰ প্ৰতিবেদনৰ দফাসমূহ পুংখানুপুংখৰূপে পঢ়ি দিয়াৰ লগতে তেওঁৰ চৰকাৰ পৰিচালনাৰ কৌশল আৰু নিষ্ঠা, সততাৰে তেওঁৰ চৰকাৰৰ মন্ত্ৰী, বিধায়ক আৰু আমোলা-বিষয়াৰ লগতে ৰাইজৰ আকুণ্ঠ সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈ উঠা বুলি দাবী কৰে।

উল্লেখ্য যে, বছৰৰ শেষত ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগতে বৃহৎ ব্যয় সাপক্ষ বিভিন্ন অভিলাসী যোজনা ৰূপায়ণ কৰাৰ পাছতো ঋণৰ পৰিৱৰ্তে ৰাজ ভঁৰালত বিগত ৫টা বছৰত নিয়মীয়াকৈ ৰাহি ধন জমা ৰাখিবলৈ সক্ষম হৈছে কেজৰিৱাল চৰকাৰ।

স্মৰ্তব্য যে, মহিলাৰ বাবে বিনামূলীয়া ভ্ৰমণ সেৱা, দুখীয়াৰ বাবে বিনামূলীয়া খোৱাপানী, স্বাস্থ্য, শিক্ষা আৰু ৰন্ধন গেছৰ যোগানকে ধৰি অভিলাসী আঁচনি সমূহ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ লগে লগে এইবোৰ যোজনা ৰূপায়ণত হ'বলগা বৃহৎ ব্যয়ে ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থা থানবান কৰাৰ লগতে চৰকাৰক ঋণত পোত নিয়াব বুলি বিৰোধী পক্ষই আশংকা প্ৰকাশ কৰিছিল।

কিন্তু মুখ্যমন্ত্ৰী কেজৰিৱালে বিগত ৫টা বছৰত হোৱা কেগৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত এই কথা প্ৰমাণ কৰি দিলে যে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে জনতাক আস্থাত লৈ আমোলা-বিষয়াৰ পূৰ্ণ সহযোগত বিচক্ষণতাৰে চৰকাৰ পৰিচালনা কৰাত সক্ষম হ'লে এনে আশংকা অমূলক।

কেগৰ প্ৰতিবেদনতো বাৰে বাৰে কেজৰিৱাল চৰকাৰৰ এই সফলতাক অভূতপূৰ্ব আৰু সততা, একাগ্ৰতাৰ সুফল বুলি অভিহিত মন্তব্য কৰা হৈছে। তাৎপৰ্যপূৰ্ণ যে, অৰবিন্দ কেজৰিৱালে দিল্লীৰ শাসন ক্ষমতা দখল কৰাৰ পাছত নতুনকৈ কোনো উপকৰ আৰোপ কৰাৰ পৰিৱৰ্তে কৰ দাতা সকলক সময়মতে আৰু ফাঁকি নিদিয়াকৈ এয়া আদায় দিয়াৰ বাবে উদ্বুদ্ধ কৰিবলৈ এক বৃহৎ সজাগতা অভিযান চলাইছিল।

তেওঁ কৈছিল- 'কৰৰ বোজাৰ পৰা হাত সাৰিবলৈ ৰাজহুৱা কাম কৰাৰ অজুহাত দেখুৱাই মিছা বা জালিয়াতিৰ আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই। আপোনালোকে সঠিক সময়ত আৰু উপাৰ্জনৰ সত্য তথ্য দাখিলেৰে নিৰ্ধাৰিত কৰ আদায় দিয়ক, আৰু আমি আপোনালোকৰ হৈ বিভিন্ন উন্নয়নমূলক অভিযান চলাই ৰাইজক তাৰ সুফল আপোনালোকৰ চকুত পৰাকৈ দিম।'

কেজৰিৱালৰ এই আহ্বান আৰু সজাগতা অভিযানৰ ফলশ্ৰুতিতে তেওঁৰ শাসনকালত নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক হাৰত চৰকাৰৰ ঘৰত কৰ জমা হৈছিল। পূৰ্বৰ তুলনাত কোনো কোনো সময়ত সংগ্ৰীহিত কৰৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাইছিল। এনে পৰিপ্ৰেক্ষিততে পূৰ্বৰ চৰকাৰৰ আমোলত সদায় ঘাটী পুঁজি আৰু বিত্তীয় কেলেংকাৰীৰ তথ্যৰে প্ৰতিবেদন দিব লগা হোৱা দেশৰ কম্পট্ৰ'লাৰ এণ্ড অডিটৰ জেনেৰেলৰ তৰফৰ পৰা আপ চৰকাৰৰ আমোলৰ ৫টা বছৰত পুঁজি ব্যয়ৰ অতি শৃংখলিত হিচাপৰ লগতে ৰাজভঁৰালত সদায় ৰাহি ধন থকা বুলি চৰকাৰক প্ৰশংসা কৰিবলগা হয়।

এয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিত্তীয় হিচাপ নিকাচৰ ইতিহাসত এক নজিৰবিহীন ঘটনা হিচাপে পৰিগণিত হৈছে। যোৱা ৩ ডিচেম্বৰত দিল্লী বিধানসভা অধিবেশনৰ শেষৰ দিনটোত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেগৰ প্ৰতিবেদনত দিল্লী চৰকাৰৰ সফলতাৰ ক্ষেত্ৰত কৰা বিভিন্ন প্ৰশংসামূলক বাক্যৰ উদ্ধৃতিৰে কয়, 'আমি যেতিয়া শাসনলৈ আহিছিলো, প্ৰথম বাৰলৈ নিৰ্বাচন খেলা বহু নতুন বিধায়কৰ দ্বাৰা চৰকাৰ গঠন কৰিছিলো, বহুতে আমাৰ সামৰ্থ, অভিজ্ঞতা আৰু দক্ষতা সন্দৰ্ভত সন্দেহ ব্যক্ত কৰি চৰকাৰ পৰিচালনাত আমি বিফল হ'ম বুলি ভৱিষ্যদ্বানী কৰিছিল।

তেওঁলোকে এই আশংকাও কৰিছিল যে উন্নয়ন তথা জন কল্যাণমূলক আঁচনিৰ চমক দিবলৈ গৈ আমাৰ চৰকাৰৰ দিনত দিল্লীৰ চৰকাৰৰ বিত্তীয় শৃংখলা ভাঙি থানবান হ'ব, ধাৰত পোত যাব চৰকাৰ। কিন্তু দিল্লীবাসীৰ আমাৰ ওপৰত থকা বিশ্বাস, আস্থা আৰু সহযোগিতাক মূলধন কৰি এইসকল নতুন বিধায়ক আৰু কৰ্তব্যনিষ্ঠ আমোলা-বিষয়াৰ সহযোগত আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই যিদৰে জন কল্যাণমূলক আঁচনি সমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হ'লো, সেইদৰে সততা আৰু নিষ্ঠাৰ বাবে সদায় হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত কেলেংকাৰীৰ তথ্য ফাদিল কৰি সমগ্ৰ দেশতে আলোড়ন সৃষ্টি কৰি অহা ভাৰতৰ সৰ্বোচ্চ ক্ষমতাশালী বিত্তীয় সংস্থাৰ হিচাপ পৰীক্ষণৰ অন্তত কেগে বাৰম্বাৰ আমাৰ চৰকাৰৰ সফলতাক প্ৰশংসা কৰিবলগা হ'ল।'

বিধানসভাৰ অন্তিম ভাষণটোত মুখ্যমন্ত্ৰী কেজৰিৱালে অতি নম্ৰতাৰে কয়, 'ৰাইজে আমাৰ ওপৰত যি আস্থা স্থাপন কৰিছিল, যি আশা লৈ শাসন ক্ষমতা গতাই দিছিল, সেই আশা পূৰণ কৰিব পৰা বুলি মোৰ ধাৰণা হৈছে। এই কথা মই দাবী কৰা নাই, দেশৰ সবাতোকৈ কঠোৰ চৰকাৰী হিচাপকাৰী সংস্থা কম্প্ৰ'টালৰ এণ্ড অডিটৰ জেনেৰেলৰ প্ৰতিবেদনৰ বিভিন্ন দফাই সেই কথা স্পষ্ট কৰি দিছে।

যি কেগৰ ভয়ত দেশৰ চৰকাৰ তথা চৰকাৰী সংস্থাসমূহ কম্পমান হৈ থাকে, যি কেগৰ দল কোনোবা মন্ত্ৰণালয়ত প্ৰৱেশ কৰিলেই চৰকাৰৰ নেতা-আমোলাৰ কঁপনি উঠে, সেই কম্প্ৰ'টাৰ এণ্ড অডিটৰ জেনেৰেলৰ প্ৰতিবেদনত কোৱা হৈছে- দিল্লীৰ চৰকাৰে আশা কৰাতকৈও বৰ্ধিত পৰিমাণৰ ৰাহি ধন বিগত ৫টা বছৰত একেৰাহে ৰাজভঁৰালত লাভ হিচাপে ৰাখি যাবলৈ সক্ষম হৈছে।'

তেওঁ কয়, 'কেগে ২জি স্পেকট্ৰাম, কয়লা কেলেংকাৰীৰ দৰে বৃহৎ কেলেংকাৰীৰ উদঘাটন কৰি সমগ্ৰ দেশ তোলপাৰ লগাইছিল। দিল্লীৰ পূৰ্বৰ চৰকাৰৰ আমোলত সংঘটিত কমনৱেল্থ গেমছ আৰু চি এন জি কেলেংকাৰীৰ তথ্য ফাদিল কৰি দুৰ্নীতিৰ ভয়াবহ ছবি উদঙাই দিছিল। কিন্তু আমাৰ ৫ বছৰীয়া কাৰ্যকালৰ প্ৰতিটো বছৰত সমস্ত আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিও আশা কৰাতকৈ বৃহৎ জমা পুঁজি লাভ হিচাপে আমি ৰাখি যাবলৈ সক্ষম হৈছো। এয়া বিগত ৭০ বছৰীয়া শাসনত এক নজিৰবিহীন ঘটনা।

আমাৰ দেশত সদায় চৰকাৰ সলনি হোৱাৰ সময়ত সাধাৰণতেই পৰৱৰ্তী চৰকাৰৰ মূৰত বৃহৎ ধাৰৰ বোজা জাপি থৈ যায়। কিন্তু দিল্লীৰ চৰকাৰে প্ৰথমবাৰলৈ এই কথা প্ৰমাণ কৰি দিব পাৰিছে যে একাগ্ৰতা আৰু সততাৰে কৰদাতা ৰাইজৰ পূৰ্ণ সহযোগিতাত দুৰ্নীতিৰ পৰা মুক্ত হৈ শাসন পৰিচালনা কৰাত সক্ষম হ'লে কোনো চৰকাৰে পৰৱৰ্তী চৰকাৰৰ মূৰত ধাৰৰ বোজা জাপি দি থৈ যাব লগা নহ'ব। বৰং আৰ্জিত পুঁজিৰেই ঘোষিত আঁচনিৰ এশ শতাংশ ৰূপায়ণ কৰিও পৰৱৰ্তী চৰকাৰৰ বাবে পুঁজি ৰাজভঁৰালত জমা দি থৈ যাবলৈ সক্ষম হ'ব।'

অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কেগৰ প্ৰতিবেদন আধাৰত বিধানসভাত দিয়া ভাষণৰ পিছতে টিপ্পনী কৰিবলৈ এৰা নাই বিজেপিৰ নেতাসকলে। কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাত থকা দলটোৰ বিভিন্ন নেতাই কেগৰ প্ৰতিবেদনৰ গাত ভেঁজা দি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ তোলা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in