ভাৰতত কেতিয়াও তেনে হোৱা নাছিল। বিভৎস, প্ৰতিশোধমূলক আৰু পৰিকল্পিত আক্ৰমণ আছিল এয়া। ঘটনাৰ সূত্ৰপাত হৈছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাক কেন্দ্ৰ কৰি। ৩১ অক্টোবৰ, ১৯৮৪। পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ ভিতৰত সন্ত্ৰাসবাদী দমনৰ বাবে 'অপাৰেশ্যন ব্লু ষ্টাৰ'ক নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰী ইন্দিৰাই। সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে ইন্দিৰা গান্ধীয়ে দিয়া এই নিৰ্দেশে শিখ সকলৰ ধৰ্মীয় চেতনাত আঘাত হানিছিল। তাৰেই পৰিণতিত তেওঁৰ নিৰাপত্তাৰক্ষী ৰূপে থকা বিয়ান্ত সিং আৰু চতৱান্ত সিঙে সেইদিনা লক্ষ্য কৰি লৈছিল ইন্দিৰা গান্ধীক।
সেই হত্যাকাণ্ডৰ পাছতেই আন এলানি হত্যাকাণ্ড সংঘটিত হৈছিল দিল্লী আৰু দেশৰ আন কেইবাখনো চহৰত। জুই জলিছিল দিল্লীত। প্ৰথমে শিখ সকলক মাৰপিট, তেওঁলোকৰ বাহনসমূহ জ্বলাই দিয়া হৈছিল। কিন্তু সেই স্ফুলিংগ এনেদৰে সমগ্ৰ দেশত বিয়পি পৰিব বুলি কেনেও ভৱা নাছিল। শংকিত হৈছিল শিখসকল। সেই সময়ত দিল্লীত নাছিল ৰাজীৱ গান্ধী। কলকতাত থকা ৰাজীৱ গান্ধীক মাতি নিয়া হৈছিল দিল্লীলৈ। প্ৰায় ৩৩ বছৰৰ আগৰ এই কাহিনী। কংগ্ৰেছ নেতৃত্ব শোকত ভাগি পৰিছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত সেইদিনাই সন্ধিয়ালৈ ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰোৱা হৈছিল।
ইন্দিৰা গান্ধীক শিখ নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ খবৰ প্ৰচাৰ হৈছিল দেশজুৰি। পৰিকল্পিতভাৱেই যেন কোনোবাই সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিছিল। সাধাৰণ শিখ সকলৰ কথা বাদেই, ইন্দিৰা গান্ধীৰ মৃত্যুৰ খবৰ পাই সেই সময়ত য়েমেনত থকা ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিং আধাতে সামৰি দিল্লী পাইছিল। তেতিয়ালৈকে ইন্দিৰা গান্ধীৰ নশ্বৰ দেহ আছিল এইমছত। ৰাষ্ট্ৰপতি সিং পোনে পোনে গৈছিল এইমছলৈ।
ৰাষ্ট্ৰপতিক সেই সময়ত এইমছতে এজাক লোকে বেৰি ধৰিছিল, কাৰণ তেওঁ আছিল শিখ। তেওঁৰ নিৰাপত্তাৰক্ষীয়ে কোনোমতে সেই আক্ৰমণৰ পৰা ৰাষ্ট্ৰপতিক বচাই ৰাষ্ট্ৰপতি ভৱনলৈ লৈ গৈছিল। এইমছলৈ আহি থকাৰ পথত তেওঁৰ কনভয়ৰ ওপৰতো আক্ৰমণ চলিছিল। ৰাষ্ট্ৰপতিৰ কনভয়ত থকা ১০০ খন গাড়ী সেই আক্ৰমণৰ চিকাৰ হৈছিল। উন্মত্ত একাংশ লোকে ভাঙি দিছিল ৰাষ্ট্ৰপতিৰ কনভয়ৰ গাড়ী।
খোদ ৰাষ্ট্ৰপতিৰে হৈছিল এই অৱস্থা। সাধাৰণ শিখ সকলৰ তেতিয়া দিল্লীত কি অৱস্থা হৈছিল সেয়া সপোনৰো অগোচৰ আছিল। কোনো ঠাইতে তেওঁলোকৰ নিৰাপত্তা নাছিল। পুলিছে এইসকল লোকক সহায় কৰাৰ সলনি উন্মত্ত কংগ্ৰেছৰ সমৰ্থক নেতাক সহযোগ কৰাহে অভিযোগ উঠিছিল। দিল্লীৰ ৰাজপথমত মৃতদেহৰ লানি লাগিছিল। বাতৰি কাকতত তেতিয়া বাতৰিৰ শিৰোনাম আছিল এয়া-
এই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা ৰাহুল বেদী নামৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সেই অভিজ্ঞতা সুঁৱৰি কৈছিল- 'সেইদিনা মই খবৰ সংগ্ৰহ কৰিবলৈ দিল্লীৰ এটা গলিলৈ গৈছিলো। তাত ভৰি থবলৈ ঠাই নাছিল। কল্যানপুৰী, লোকপুৰী আদি ঠাইবোৰত হত্যাৰ যজ্ঞ পাতিছিল। চাৰিওফালে কেৱল মৃতদেহ… আৰক্ষীক এই বিষয়ে সোধাত আৰক্ষীয়ে বিশেষ একো হোৱা নাই বুলি গা এৰা দিছিল।
সম্পূৰ্ণ পৰিকল্পিতভাৱেই যেন চলিছিল এই আক্ৰমণ। ১৯৮৪ চনৰ শিখ নিধন যজ্ঞত দিল্লীতে প্ৰাণ হেৰুৱাইছিল চৰকাৰী তথ্য মতে ২১৪৪ জন শিখে। দেশৰ অন্য প্ৰান্তত প্ৰাণ হেৰুৱাইছিল ৫৮৬জন লোকে। ৩১ অক্টোবৰৰ দিনা প্ৰথম দিল্লীত যান বাহন জ্বলাই দি হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটাইছিল। লাহে লাহে সেয়া অধিক হিংসাত্মক হ'বলৈ ধৰিছিল।
লক্ষ্নৌ, কানপুৰ আদি ঠাইতো শিখ সকলৰ ওপৰত ৩১ অক্টোবৰ, ১৯৮৪ৰ পৰা ৩ নৱেম্বৰলৈকে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। হাতত লোহাৰ ৰ'ড, কেৰাচিন, ৰসায়নিক পদাৰ্থ লৈ শিখসকলৰ ঘৰত আক্ৰমণ চলাই হত্যা নিধন যজ্ঞ চলোৱাৰ লগতে গুৰুদ্বাৰ, শিখ সকলৰ বস্তি জ্বলাই দিছিল। প্ৰাণৰ মমতাত শিখসকলে অসহায় হৈ কেৱল ভগৱানকে শেষ ভৰসা কৰিবলগীয়া হৈছিল। উল্লেখ যোগ্য যে, ১৯৮১ চনৰ লোকপিয়ল মতে, দিল্লীত বাস কৰা শিখ লোকৰ সংখ্যা আছিল ৩ লাখ ৯৩ হাজাৰ ৯২১ গৰাকী। অৰ্থাৎ সেই সময়ৰ দিল্লীৰ জনসংখ্যাৰ মুঠ ৬.৩৩ শতাংশই আছিল শিখ লোক।
ইন্দিৰা গান্ধীৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল ১৯৮৪ চনৰ ৩১ অক্টোবৰত পুৱা ৯.২০ বজাত। তাৰ পিছতে তেওঁক লৈ যোৱা হৈছিল এইমছলৈ। সেই সময়ত এইমছৰ বাহিৰত হাজাৰ হাজাৰ লোক গোট খাইছিল। তেতিয়ালৈকে ইন্দিৰা গান্ধীৰ মৃত্যু হৈছিল বুলি কোনেও জনা নাছিল। দক্ষিণ দিল্লীৰ আৰক্ষীয়ে সেই সমবেত হোৱা জনতা আৰু ভিআইপি সকলৰ নিয়ন্ত্ৰণৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। দিনৰ ১ বজাৰ পৰা ১.১৫ বজাৰ ভিতৰত সংবাদ মাধ্যমৰ লোক সকলে ইন্দিৰা গান্ধীয়ে যে জীয়াই নাই সেই খবৰ প্ৰচাৰ কৰিছিল। তাৰ পিছতেই প্ৰায় ২ বজাত উন্মত্ত ৰূপ ধৰিছিল জনতাই।
জুম বান্ধি শিখ সকলক লক্ষ্য কৰি লৈ প্ৰায় একেই ধৰণে সমগ্ৰ দিল্লীত শিখসকলে বসবাস কৰা অঞ্চলবোৰত আক্ৰমণ চলিছিল। ৩১ অক্টোবৰৰ পৰা ৭ নৱেম্বৰ ১৯৮৪লৈকে এই শিখ নিধন যজ্ঞৰ নিহতৰ সংখ্যা বহুতে ৩ হাজাৰৰো অধিক বুলি ক'ব খোজে। ইয়াৰে বেছি সংখ্যক লোকক হত্যা কৰা হৈছিল ১ আৰু ২ নৱেম্বৰৰ দিনা।
১ নৱেম্বৰৰ দিনা গুৰুদ্বাৰ ৰাকাপগঞ্জত এনে উন্মত্ত একাংশ লোকে এজন লোকক হত্যা কৰিছিল। শিখ সকলৰ ওপৰত চলা এই আক্ৰমণত শংকিত হৈ স্বয়ং ৰাষ্ট্ৰপতিলৈ বিভিন্ন ঠাইৰ পৰা ফোন আহিছিল। শিখ সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰপতি জেইল সিঙে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক অনুৰোধ কৰিছিল। তেওঁ প্ৰয়োজনত সেনা বাহিনী নিয়োগৰ পৰামৰ্শ দিছিল। কিন্তু সেই পৰামৰ্শ শুনা নাছিল ৰাজীৱ গান্ধীয়ে। অসহায় হৈ পৰিছিল ৰাষ্ট্ৰপতি।
দিল্লীত এই উন্মত্ত জনতাৰ নেতৃত্ব দিয়াৰ অভিযোগ কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে উঠিছিল। তাৰ ভিতৰত অন্যতম আছিল সজ্জন কুমাৰ। এখন বগা জীপত উঠি এই কংগ্ৰেছৰ নেতাজনে আনকি এজন শিখক হত্যা কৰিলে ১০০০ টকাকৈ পুৰস্কাৰ দিব বুলিও ঘোষণা কৰাৰো অভিযোগ উঠিছিল।
আৰক্ষীয়ে কিন্তু এই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছিল। এই কথা উন্মোচিত হৈছিল পৰৱৰ্তী সময়ত দিল্লীৰ শিখ নিধন ঘটনাৰ সন্দৰ্ভত চৰকাৰে গঠন কৰা আয়োগ আৰু তদন্ত কমিটিৰ প্ৰতিবেদনত। ন্যায়াধীশ নানাৱতী আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ১৬১ পৃষ্ঠাত এজন সাক্ষীয়ে দিয়া ভাষ্য এয়া-
''With respect to Santokh Singh (Witness – 133) he has stated that before the Court the witness had only stated that Shri Sajjan Kumar had come in a white jeep in the loality. As regards Jagdish Kaur (Witness – 136) he has stated that she had not named him in her statement recorded with the police during the investigation in FIR No.416/84. As regards Kishandev (Witness – 144) he has stated while giving evidence before the court in the case arising out of FIR No.414/84 this witness had not named him. There is ample material to show that no proper investigation was done by the police even in those cases which were registered by them. In fact the complaint of many witnesses is that their complaints or statements were not taken by the police and on the basis of thereof separate offences were not registered againt the assailants whom they had named. Even while taking their statements the police had told them not to mention names of the assailants and only speak about losses caused to them. There is also mateial to show that the police did not note down the names of some of the assailants who were influential persons. One witness has specifically stated that he had named Shri Sajjan Kumar as one of the assailants yet his name was not noted in his statement by the police.''
বহু আৰক্ষী বিষয়া, চৰকাৰী বিষয়াৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল। ভূক্তভোগীসকলে এই ঘটনাৰ সাক্ষ্য দিছিল। কিন্তু ৰহস্যজনক কাৰণত এনে এক নৰ নিধন যজ্ঞৰ ষড়যন্ত্ৰকাৰীসকলে ইমান দিনে শাস্তি পোৱা নাছিল। সেই সময়ত এনে খবৰো আহিছিল যে একেটা পৰিয়ালৰ ১২জনকৈ লোকক হত্যা কৰা হৈছিল। এটা গলিত সকলো পুৰুষকে হানি খুচি হত্যা কৰি জ্বলাই দিছিল। সেই সময়ত চৰকাৰী প্ৰশাসন আৰু আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছিল। যেতিয়া ৰাজীৱ গান্ধীয়ে কৈছিল যে- 'এজোপা বৰগছ হালি পৰিলে কিছু কঁপনি উঠিবই', তেতিয়াই বুজা জনে উমান পাইছিল এইবোৰ ঘটনা কিয় আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। দিল্লীত সংঘটিত এই শিখ নিধন যজ্ঞৰ প্ৰায় ৩৪ বছৰৰ পাছত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এক ৰায়দান যোগে এই ঘটনাৰে জড়িত মুল অভিযুক্ত সজ্জন কুমাৰকে ধৰি কেইবাজনকো যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে।
'চৰ্দাৰ গাড্ডাৰ হ্যে, খুন কা বদলা খুন' শ্ল'গানেৰে শিখ সকলৰ নিধন যজ্ঞ পতা এনে হত্যাকাৰীয়ে পলমকৈ হ'লেও শাস্তি পাইছে তাতেই এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে দুৰ্ভগীয়া শিখ পৰিয়ালসমূহে।