মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কুচনীমাৰাত ধুমুহাৰ তাণ্ডৱ,কৃষকৰ বিস্তৰ ক্ষতি…

মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কুচনীমাৰাত ধুমুহাৰ তাণ্ডৱ,কৃষকৰ বিস্তৰ ক্ষতি…

ডিজিটেল সংবাদ,দক্ষিন শালমাৰা : বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত ধুমুহাই তাণ্ডৱ চলোৱাৰ ফলৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় উৰুৱাই নিয়াৰ লগতে কৃষক সকলৰ খেতি তহিলং কৰাত কৃষকৰ বিস্তৰ ক্ষতি সাধন হয়।

উল্লেখযোগ্য যে ভাৰত বাংলাদেশ সীমান্তবৰ্তী আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰাত প্ৰচণ্ড ধুমুহাৰ আৰু বৰষুণ হয়। ধুমুহাৰ ফলত ঠায়ে ঠায়ে গছ গছনি ভাঙি পৰাৰ লগতে গাঁওখনত থকা লিটিল ফ্লৱাৰ জাতীয় বিদ্যালয় গৃহ তচনচ কৰাৰ লগতে বিদ্যালয় খনৰ টিনপাত উৰুৱাই নিয়ে। কৃষি প্ৰধান এলেকা গাঁওখনৰ একাংশ কৃষকৰ বিভিন্ন শাক পাচলিৰ খেতিও তহিলং কৰাত কৃষক সকলৰ বিস্তৰ ক্ষতি সাধন হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in