শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ
  • শুৱালকুছিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এইবাৰ দুষ্কৃতিকাৰীৰ প্ৰত্যক্ষ আক্ৰমণৰ সন্মুখীন হ'ল এম জি ভি কে ভানু।
  • গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গাছিল প্ৰাক্তন প্ৰভাৱশালী আমোলা তথা বৰ্তমানৰ কংগ্ৰেছ নেতাগৰাকী।
  • সভাত ভাষণ দি থকা অৱস্থাতে দৰ্শকৰ মাজৰ পৰা কোনো অজ্ঞাত ব্যক্তিয়ে ভাষণৰত ভানুক উদ্দেশ্যি এটা শিল নিক্ষেপ কৰে।
  • অৱশ্যে শিলৰ আঘাটৰ পৰা কথমপি ৰক্ষা পৰে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিৱ গৰাকী।
  • ইফালে কংগ্ৰেছ নেতাগৰাকীৰ সন্মুখত ছদ্মৱেশত শ্ৰোতা দৰ্শকৰ মাজত সোমাই থকা কেইজনমান বিজেপি সমৰ্থকে নৰেন্দ্ৰ মোডী জিন্দাবাদ ধ্বনী দিয়াত অপ্ৰস্তুত অৱস্থাত পৰে ভানু।
  • তাৰ মাজতে কোনোবাই দলিয়াই দিয়া শিলগুটিটো মঞ্চৰ পৰা বুটলি লৈ উপস্থিত ৰাইজক দেখুৱাই।
  • সভাখনত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰা ভানুক এনেদৰে শাৰীৰিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাক লৈ সভাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
  • অৱশ্যে সমৱেত কংগ্ৰেছ সমৰ্থকে আৱদ্ধ কৰিবলৈ সক্ষম হোৱাৰ পূৰ্বে দুস্কৃতিকাৰীয়ে পলায়ন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in