এটি কণমানিক কোলাত লৈ হঠাৎ কিয় উচুপিলে এজন আই পি এছ বিষয়াই…

এটি কণমানিক কোলাত লৈ হঠাৎ কিয় উচুপিলে এজন আই পি এছ বিষয়াই…

ডিজিটেল ডেস্কঃ এজন আই পি এছ বিষয়া। নাম ড০ এম হাছিব মোঘাল। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ আৰু দৃঢ় বিষয়া হিচাপে নাম আছে আৰক্ষী বিষয়াগৰাকীৰ। কিন্তু সোমবাৰে তেওঁ ৰাজহুৱা স্থানতেই উচুপি উঠিল। তেওঁৰ কোলাত এটা ৫-৬ বছৰীয়া শিশু। শিশুটিক মৰমেৰে কোলাত তুলি লৈ ফেকুৰি ফেকুৰি কান্দিলে আই পি এছ বিষয়াগৰাকীয়ে।

১২ জুনত অনন্তনাগত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত আহত হৈছিল অনন্তনাগৰ ষ্টেচন হাউছ অফিচাৰগৰাকী। ১৬জুনত আহত অনন্ত নাগৰ ষ্টেচন হাউছ অফিচাৰ আৰ্শ্বাদ খানৰ মৃত্যু হয় চিকিৎসালয়ত। সেই শ্বহীদ আৰক্ষী বিষয়াগৰাকীকেই বিভাগীয়ভাৱে শেষ বিদায় জানবলৈ সোমবাৰে পুৱা আয়োজন কৰা অনুষ্ঠানত উপস্থিত আছিল শ্বহীদ বিষয়াগৰাকীৰ কণমানি পুত্ৰ।

শ্বহীদ বিষয়াগৰাকীৰ পুত্ৰক সেই সময়তে দেখা পাই আৱেগিক হৈ পৰিছিল শ্ৰীনগৰৰ এছ এছ পি ড০ এম হাছিব মোঘাল। তাৰপাছতেই এইদৰে সতীৰ্থ আৰক্ষী বিষয়াগৰাকীৰ পুত্ৰক কোলাত লৈ চকুপানী টুকিলে জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in