৮৯ তম শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ মূল অধিবেশনৰ প্ৰস্তুতি তুংগত, VIDEO

৮৯ তম শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ মূল অধিবেশনৰ প্ৰস্তুতি তুংগত, VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ এইবাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন অনুষ্ঠিত হব নুমলীগড় কাষৰীয়া কমাৰগাঁওৰ বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । অধিৱেশন ভাগলৈ মাজত মাথোঁ এটা কেইটামান দিন । লক্ষ লক্ষভকত প্ৰাণ বৈষ্ণৱৰ আগমন ঘটিব এই কাজিৰঙা সমন্বয় ক্ষেত্ৰত ।

দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হব  এই সমন্বয় ক্ষেত্ৰ । ভকত প্ৰাণ বৈষ্ণৱে আশ্ৰয় লবলৈ প্ৰায় ২১৫ টা শিবিৰ আৰু একেলগে ১০ হাজাৰ ভকতক আপ্যায়নৰ বাবে সাজু কৰি তুলিছে ভোজনালয় ।অধিবেশনৰ বাবে এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বোকাখাট জিলা সমিতিৰ বাপ আই যুৱক যুৱতী সকলৰ লগতে স্থানীয় দল সংগঠনৰ।

শিবিৰ স্থাপনৰ বাবে এতিয়া এনেদৰে ঘৰৰ কামবন ত্যাগ কৰি  পুৰুষ, যুৱক মহিলা, যুৱতী সকলো এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে । পূৰ্ণগতিত চলিছে শিবিৰ, মণ্ডপ নিৰ্মাণৰ কাম । এনেদৰে এতিয়া সমগ্ৰ অঞ্চলত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনক লৈ ব্যস্ততাৰ অন্ত নাই সকলোৰে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in