সৃজনগ্ৰামত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, VIDEO

সৃজনগ্ৰামত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, VIDEO

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ইউনাইটেড হাইস্কুল খেলপথাৰত বৰঘোলা যুৱ সংঘ আৰু ৰাইজৰ সহযোগত স্বৰ্গীয় গৌতম বৰুৱা সোঁৱৰণীত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। উক্ত খেলখন উদ্বোধন কৰে স্বৰ্গীয় গৌতম বৰুৱাৰ ককায়ক কুমাৰেশ বৰুৱাই।

উদ্বোধনী খেলখন অনুস্থিত হয় বৰঘোলা বি আৰু ভাউৰিয়া পাৰাৰ মাজত। উদ্বোধনী খেলখনৰ পৰিচালকৰ দায়িত্বত থাকে বনমালী বৰুৱা আৰু সহকাৰী পৰিচালক হিচাপে থাকে দ্বিপেন ৰায়। উল্লেখযোগ্য যে, স্বৰ্গীয় গৌতম বৰুৱা বন বিভাগৰ কৰ্মচাৰী আছিল কিন্তু ২০১৭ চনৰ ১৪ ফেব্ৰুৱাৰীত কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in