শ্ৰীসূৰ্য্য পাহাৰৰ মেলা মহোৎসৱৰ মহা বিষ্ণু যজ্ঞত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শ্ৰীসূৰ্য্য পাহাৰৰ মেলা মহোৎসৱৰ মহা বিষ্ণু যজ্ঞত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, গোৱালপাৰাঃ প্ৰতি বছৰৰ দৰে এই বেলিও পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে শনিবাৰৰ পৰা আৰম্ভ হোৱা গোৱালপাৰাৰ শ্ৰীসূৰ্য্য পাহাৰ মহাপীঠস্থানৰ মেলা মহোৎসৱ আৰম্ভ হৈছে। তদুপলক্ষে দেওবাৰে দুপৰীয়া অৰ্থাৎ পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বিশেষ কাৰ্যসূচী মহা বিষ্ণু যজ্ঞৰ শুভাৰম্ভ হ'ব।

এই মহা বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কাৰ্যসূচীত অংশ লোৱাৰ বাবে উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীসূৰ্য্য পাহাৰত উপস্থিত হয়। শ্ৰীসূৰ্য্য পাহাৰ তথা মেলা মহোৎসৱ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰী সোণোৱালক নাম-প্ৰসংগৰে মহা বিষ্ণু যজ্ঞ স্থলী দশভূজা দেৱস্থান লৈ আদৰি অনাৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱালে মহা বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰি যজ্ঞত অংশ লয়।

মহা বিষ্ণু যজ্ঞ আৰম্ভ হয় দুপৰীয়া বাৰ বজাৰ পিছত। জানিব পৰা মতে দশভূজাত অৱস্থাত বৃক্ষ ৰোপন কৰি ইয়াৰ পৰা মুখ্যমন্ত্ৰী সোণোৱাল বঙাইগাঁৱলৈ ৰাওনা হ'ব বীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে। ইয়াৰ পূৰ্বে তেওঁ বায়ু পথেৰে গোৱালপাৰা সৈনিক স্কুলত পদাৰ্পন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in