জয়ৰে টি-২০ বিশ্বকাপ আৰম্ভ কৰিলে টীম ইণ্ডিয়াই…

জয়ৰে টি-২০ বিশ্বকাপ আৰম্ভ কৰিলে টীম ইণ্ডিয়াই…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আই চি চি মহিলা টি-২০ বিশ্বকাপত জয়ৰে বিশ্বকাপৰ আৰম্ভণি কৰিছে টীম ইণ্ডিয়াই। টছত হাৰি প্ৰথমে বেটিং কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৩২ ৰান। ভাৰতৰ হৈ দললৈ সৰ্বাধিক ৰানৰ বৰঙণি আগবঢ়ায় দীপ্তি শৰ্মাই। শৰ্মাই ৪৬ টা বলত সংগ্ৰহ কৰে ৪৯ ৰান।

ইফালে ১৩৩ ৰানৰ লক্ষ্য পিচা কৰি খেলপথাৰত নমা অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জিকি বলিং কৰা সিদ্ধান্ত লৈছিল যদিও সেই সিদ্ধান্ত ভুল প্ৰতিপন্ন হ'ল। ভাৰতীয় স্পিনাৰ বলিঙৰ সমুখত অষ্ট্ৰেলিয়াৰ দলটোৱে কেৱল ১১৫ ৰানতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতৰ হৈ পুনম যাদৱে ৪ টা উইকেট দখল কৰে। আৰু এই প্ৰদৰ্শনৰ বাবে যাদৱকে প্লেয়াৰ অৱ দ্য মেচ সন্মানেৰে সন্মানিত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in