অশ্বিনৰ অৱসৰত বিৰাটৰ আৱেগিক পোষ্ট...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয় টেষ্টৰ অন্তত অশ্বিনে অৱসৰ ঘোষণা কৰাৰ পাছতে সামাজিক মাধ্যমত  কেৱল অশ্বিনৰ চৰ্চা চলিছে। 

author-image
Asomiya Pratidin
New Update
অশ্বিনৰ অৱসৰত বিৰাটৰ আৱেগিক পোষ্ট...

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয় টেষ্টৰ অন্তত অশ্বিনে অৱসৰ ঘোষণা কৰাৰ পাছতে সামাজিক মাধ্যমত  কেৱল অশ্বিনৰ চৰ্চা চলিছে। 

বহুতেই তেওঁ ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ সমান্তৰালকৈ পৰৱৰ্তী জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰ মাজতেই সতীৰ্থ বিৰাট কোহলিয়ে অশ্বিনক উদ্দেশ্যি দিয়া এটা এক্সৰ পোষ্টে বিশেষ চৰ্চা লাভ কৰিছে। 

মন কৰিবলগীয়া যে আজি তৃতীয় টেষ্টৰ অন্তিম পৰ্যায়ত ৰবিচন্দ্ৰন অশ্বিনে বিৰাট কোহলিক প্ৰথমে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল। পেভিলিয়নত বহি থকাৰ সময়ত বিৰাট কোহলিক তেওঁ অৱসৰৰ কথা কোৱাৰ পাছতেই দুয়ো আৱেগিক হৈ পৰিছিল। এজনে আনজনক সাৱটি ধৰিছিল। 

তাৰ পাছতেই ৰোহিত শৰ্মাক কাষত লৈ অশ্বিনে সংবাদ মেলত অৱসৰৰ কথা ঘোষণা কৰে। অশ্বিনৰ অৱসৰত আৱেগিক হৈ পৰা বিৰাটে সামাজিক মাধ্যমতো তেওঁৰ আৱেগপ্ৰৱণ এটা পোষ্ট দিছে। 

বিৰাটে লিখিছে- 'মই তোমাৰ সৈতে ১৪ বছৰ ধৰি খেলিছো আৰু যেতিয়াই তুমি মোক আজি তোমাৰ অৱসৰৰ কথা ক'লা, ই মোক অলপ আৱেগিক কৰি তুলিছে। আমি একেলগে খেলা সেই সকলো বছৰৰ ফ্লেছবেক মোৰ ওচৰলৈ আহিছে। মই তোমাৰ সৈতে এই যাত্ৰাৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছোঁ, ভাৰতীয় ক্ৰিকেটলৈ তোমাৰ দক্ষতা আৰু মেচ বিজয়ী অৱদান কোনোতকৈ কম নহয় আৰু তুমি সদায় ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি হিচাপে স্মৰণীয় হৈ থাকিবা। '

তাৰোপৰি বিৰাটে অশ্বিনক পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি অশ্বিনআৰু তেওঁৰ কাষৰ সকলোলৈকে সন্মান জনোৱাৰ কথাও উল্লেখ কৰিছে। 

ৰবীচন্দ্ৰন অশ্বিন বিৰাট কোহলি ক্ৰিকেট