/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/EApXOjDXsAIdN9D.jpg)
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়া আৰু সংবাদমাধ্যমত প্ৰায়ে চৰ্চা হৈ থকা ভাৰতীয় দলৰ খেলুৱৈসকলৰ মাজত মতভেদৰ সন্দৰ্ভত সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে। সংবাদমেলত কোহলীয়ে এইবোৰ সকলো মিছা বুলি স্পষ্ট কৰে।
উল্লেখ্য যে, ২০১৯ৰ ক্ৰিকেট ৱৰ্ল্ডকাপৰ ছেমিফাইনেলত ভাৰতীয়দলটো পৰাস্ত হোৱাৰ পাছত সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছিল যে, ভাৰতীয় দলৰ ভিতৰতঅধিনায়ক বিৰাট কোহলী আৰু অপেনাৰ বেটছমেন ৰোহিত শৰ্মাৰ ৰূপত দুটা গোট সৃষ্টি হৈছে।আৰু দুয়োটা গোটৰ মাজত বহু বিষয়ত মতভেদৰ হৈছে।
ভাৰতীয় দলটো ৱেষ্টইণ্ডিজলৈ ৰাওনা হোৱাৰ পাছত বিৰাট কোহলীয়ে এইবোৰ সকলো উৰা বাতৰি বুলি স্পষ্ট কৰে। খেলুৱৈগৰাকীয়ে কয়- 'ময়ো বহুত কথা শুনি আছো। মই স্পষ্ট কৰিব বিচাৰো যে, যদি খেলুৱৈসকলৰ মাজত মতভেদ হৈছে তেন্তে যোৱা বছৰে ভাৰতীয় ক্ৰিকেট দলে কেনেকৈ ইমান ভাল খেল প্ৰদৰ্শন কৰিব পাৰে?' লগতে ক্ৰিকেট দলটোৰ অধিনায়কগৰাকীয়ে কয়- 'বিশ্বৰ ভিতৰত ৯ নম্বৰ স্থানত থকা এই দলটোক প্ৰথম স্থানলৈ অনাৰ পিছত দলটোৰ প্ৰতিজন খেলুৱৈৰ মাজত মিলাপ্ৰীতি আৰু বুজাবুজি থকাৰ বাবে হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/EApVK1tXYAA8b7g-1024x576.jpg)
ইফালে, কোচ্চ ৰবি শাস্ত্ৰীয়ে সংবাদমেলত কয়- 'যদি খেলুৱৈসকলৰ মাজত মতভেদ থাকিলে হয় তেন্তে ইমান ভাল খেল প্ৰদৰ্শন কৰিব আমাৰ দলটোৱে নোৱাৰে।' কোচ্চৰ সৈতে সংবাদমেলত বিৰাট কোহলীয়ে কয় যে- 'মই যদি কোনো এজন খেলুৱৈক বেয়া পাওঁ বা তেওঁৰ লগত মোৰ কোনো প্ৰকাৰৰ অসুবিধা থাকে তেন্তে সেয়া মোৰ মুখতে দেখা পাব। মোৰ আৰু ৰোহিত শৰ্মাৰ মাজত সকলো ঠিকে আছে। মই নাজানো এইবোৰ উৰা বাতৰি ক'ত আৰু কেনেকৈ কোনো প্ৰচাৰ কৰি আছে।ইয়াৰ পৰা কাৰ কি লাভ হ'ব? মই আমাৰ ড্ৰেছিং ৰূমৰ পৰিৱেশ আপোনাক ইয়াত বুজাব নোৱাৰিম। আপোনোলোকে নিজে আহি চাই ল'ব দলৰ প্ৰতিজন খেলুৱৈ কিমান মিলাপ্ৰীতিৰো থাকো।'