আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কোন কোন খেলুৱৈ নামিব খেলপথাৰত

আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কোন কোন খেলুৱৈ নামিব খেলপথাৰত

ডিজিটেল ডেস্কঃ বুধবাৰে এছিয়া কাপত ভাৰত পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া হাইভল্টেজ খেলখনত অধিনায়কৰ দায়িত্ব পালন কৰিব ৰোহিত শৰ্মাই।মঙলবাৰে হংকঙৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পাছত এই খেলখনক লৈ যথেষ্ট আশাবাদী ভাৰতীয় দলৰ খেলুৱৈসকল।

কিন্তু হংকঙৰ বিৰুদ্ধে যি ৰণনীতিৰে ভাৰতীয় দল খেলপথাৰত নামিছিল পাকিস্তানৰ ক্ষেত্ৰ সেই ৰণনীতি ফলপ্ৰসু নহব বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। প্ৰথমখন খেলত স্থান নোপোৱা কে এল ৰাহুলক ৰোহিতে আজি ফিল্ডত নমায় নে নাই সেয়াও হব লক্ষণীয়।

আনহাতে দলৰ চতুৰ্থ আৰু পঞ্চম নং বেটিঙক লৈ ৰোহিতে কোন দুজন খেলুৱৈক নিৰ্বাচন কৰে সেয়াও হ'ব অতি গুৰুত্বপূৰ্ণ। কিয়নো এটা শক্তিশালী টাৰ্গেট বহু পৰিমাণে নিৰ্ভৰ কৰে এই মাজভাগৰ বেটিঙৰ ওপৰত। তাৰবাবে ৰোহিতৰ হাতত আছে অম্বাতি ৰাইডু, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক আৰু মনোজ পাণ্ডেৰ দৰে কেইবাজনো খেলুৱৈ।

যি কি নহওক পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সম্পূৰ্ণ সু-পৰিকল্পিত ৰণনীতিৰে নামিব বুলি মতপ্ৰকাশ কৰিছে দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। সন্ধিয়া ৫ বজাৰ পৰা ডুবাইৰ ইণ্টাৰনেচনেল ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হবলগীয়া খেলখনৰ ভাৰতৰ সম্ভাৱিত খেলুৱৈসকল-

  • ৰোহিত শৰ্মা
  • শিখৰ ধৱন
  • অম্বাতি ৰাইডু
  • কে এল যাদৱ
  • মহেন্দ্ৰ সিং ধোনী
  • কেদাৰ যাদৱ
  • হাৰ্দিক পাণ্ডিয়া নাইবা খলীল আহমেদ
  • কুলদ্বীপ যাদৱ
  • যুজবেন্দ্ৰ চহল
  • ভুৱনেশ্বৰ কুমাৰ
  • যশপ্ৰীত বুমৰাহ

উল্লেখ্য যে, বিয়লি ৪.৩০ বজাত খেলখনৰ টছ কৰা হব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in