ডিজিটেল ডেস্ক : এম চিন্নাস্বামীৰ পাছত এইবাৰ মহাৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অসহায় হৈ পৰিল টীম ইণ্ডিয়া। তিনিখনীয়া টেষ্ট শৃংখলাৰ দুখন মেচত শোচনীয়ভাৱে পৰাজয়বৰণ কৰি কাৰ্যতঃ ঘৰৰ মাটিতে শৃংখলা হেৰুৱালে ৰোহিত বাহিনীয়ে।
আলহী দল নিউজিলেণ্ডৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি এটাৰ পাছত এটাকৈ তাচপাতৰ দৰে খহিল ভাৰতৰ বেটিং লাইন- আপ। ২৪ অক্টোবৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্ট মেচ ৩দিনতে সামৰি পৰাজয় স্বীকাৰ কৰিলে ঘৰুৱা দলটোৱে।
বিজয়ৰ বাবে কঠিন লক্ষ্য আগত লৈ খেলপথাৰত নমা ৰোহিত বাহিনীয়ে ৩৪ ৰানতে অধিনায়ক ৰোহিত শৰ্মাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায়। ইয়াৰ পাছত গীল, বিৰাট কোহলি, ঋষভ পণ্টৰ উইকেট হেৰুৱাই শ’লঠেকত পৰে ঘৰুৱা দলটো। অৱশ্যে দলৰ ইনিংছ মুকলি কৰা যশস্বী জয়ছোৱালে নিজৰ অৰ্ধশতকীয় ইনিংছ খেলি কিছু আশাৰ সঞ্চাৰ কৰিছিল যদিও ৭৭ ৰানতে মিছেল ছাণ্টনাৰৰ চিকাৰ হয় প্ৰতিভাৱান বেটাৰগৰাকী।
ইয়াৰ পাছতেই ওলাই পৰিছিল মেচখনৰ ফলাফল। কিন্তু আনুষ্ঠানিকতা ৰক্ষা কৰি ৰবীন্দ্ৰ জাডেজা আৰু বুমৰাহে দলৰ ইনিংছ কিছু দূৰ আগুৱাইনিয়ে যদিও সেয়া জয়ৰ বাবে পৰ্যাপ্ত নাছিল। জাডেজাই সংগ্ৰমী ৪২ ৰান সংগ্ৰহ কৰি শেষত পেভিলিয়নমুখী হয়। কাৰ্যতঃ ২৪৫ ৰানতে থমকি ৰয় ঘৰুৱা দলটো।
নিউজিলেণ্ডৰ এই জয়ৰ মূলতে আছিল মিছেল ছাণ্টনাৰৰ বিধ্বংসী বলিং আক্ৰমণ। ছাণ্টনাৰে দুয়োটা ইনিংছত ক্ৰমে ৭ আৰু ৬টা মুঠ ১৩ টা উইকেট দখল কৰে। ইফালে বেটিঙতো দলটোৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। মেচখনৰ প্ৰথম ইনিংছত ডেভিড ক’নৱে আৰু ৰাচীন ৰবীন্দ্ৰই খেলিছিল অৰ্ধশতকীয় ইনিংছ।
আনহাতে দ্বিতীয় ইনিংছত অ’পেনাৰ টম লাথামে শতক বঞ্চিত হ’লে দললৈ আগবঢ়াইছিল ৮৬ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি। মাজৰফালে দলৰ ভেটি সুদৃঢ় কৰাত টম ব্লাণ্ডেল আৰু গ্লেন ফিলিপছৰ ভূমিকা আছিল অন্যতম। দুয়োগৰাকীয়ে ক্ৰমে ৪১ আৰু ৪৮ ৰান সংগ্ৰহ কৰি দলৰ ভেটি মজবুত কৰি এই জয়ত অন্যতম ভূমিকা পালন কৰে।