দুধনৈত এথলীট বাছনিৰ বাবে বিশেষ প্ৰতিযোগিতা

দুধনৈত এথলীট বাছনিৰ বাবে বিশেষ প্ৰতিযোগিতা

author-image
asomiyapratidin
New Update
দুধনৈত এথলীট বাছনিৰ বাবে বিশেষ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ দুধনৈৰ ছোটমাটিয়াস্থিত ডিৰ্মা জাখিলি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিভাৱান এথলীট বাছনিৰ বাবে এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

Advertisment

কল্যাণ আশ্ৰম জনজাতি ফেষ্টিভেল অসমৰ উদ্যোগত কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তৰ্গত জিৰা, ডিৰ্মাজাখিলি, পুঠিমাৰী, শালপাৰা আদিকে ধৰি ৭ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই বাছনি প্ৰক্ৰিয়াৰ খেল অনুষ্ঠিত হয়৷

প্ৰতিভাৱান খেলুৱৈ বাছনি হোৱাৰ পাছতে পুনৰ জিলা ভিত্তিক প্ৰতিভাৱান খেলুৱৈ বাছনি প্ৰক্ৰিয়াৰে ৰাজ্যিক খেলুৱৈ নিৰ্বাচিত কৰা হ'ব৷ ডিৰ্মা জাখিলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বাছনি প্ৰক্ৰিয়াত লং জাম্প, দৌৰ, শ্বটপুট আদি অন্তৰ্ভুক্ত কৰা হৈছে।