/asomiyapratidin/media/media_files/2025/06/04/801FbxjlrLB6OGJxRs6U.jpeg)
ডিজিটেল ডেস্কঃ তাৰকাৰ জন্ম হয় আই পি এলত। যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজৰ পৰা হাৰ্ডিক পাণ্ডিয়ালৈ এই সকলো ভাৰতীয় তৰকা আই পি এলৰে অৱদান। এইবাৰো বহু কেইজন তৰুণ ক্ৰিকেটাৰে স্বপ্ৰতিভাৰে উজলি উঠিল।
তাৰ ভিতৰত অন্যতম ছায় সুদৰ্শন। আই পি এলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীক দিয়া হয় অৰেঞ্জ কেপ। এই অৰেঞ্জ কেপৰ বাবেই বেটছমেনৰ মাজত হয় প্ৰতিযোগিতা। এটা বা দুটা ডাঙৰ ইনিংছ খেলিলেই যে অৰেঞ্জ কেপ লাভ কৰিব তেনে নহয়।ইয়াৰ বাবে লাগে ধাৰাবাহিকতা।
এইবাৰ আই পি এল ছিজনৰ আৰম্ভণিতে অৰেঞ্জ কেপৰ দৌৰত আছিল কেইবাজনো ক্ৰিকেটাৰ। কোনোবা সময়ত যদি বিৰাট কোহলিৰ মূৰত অৰেঞ্জ কেপে শোভা বৰ্ধন কৰিছিল আন কোনোবা সময়ত আকৌ শুভমণ গীল, জছ বাটলাৰ, মিচেল মাৰ্ছৰ মূৰত দেখা গৈছিল অৰেঞ্জ কেপ।
একেদৰেই ছাই সূদৰ্শন, কে এল ৰাহুল, সূৰ্য কুমাৰ যাদৱৰ মূৰতো দেখিবলৈ পোৱা গৈছিল অৰেঞ্জ কেপ। এক কথাত অৰেঞ্জ কেপক লৈ চলিছিল তীব্ৰ প্ৰতিযোগিতা।
এই প্ৰতিযোগিতাত সকলোকে অতিক্ৰম কৰি অৱশেষত নিজৰ কৰিবলৈ সক্ষম হ’ল গুজৰাটৰ অপেনাৰ ছাই সুদৰ্শনে। যদিও প্ৰথমখন এলিমিনেটৰতে দলটো বাহিৰ হ’ল তথাপিও ২৩ বছৰীয়া ছাই সুদৰ্শনে নিজৰ কৰিবলৈ সক্ষম হ'ল অৰেঞ্জ কেপ।
He deserves them all, our Starboy! 🏆⭐ pic.twitter.com/xHNixudHMR
— Gujarat Titans (@gujarat_titans) June 4, 2025
১৫খন মেচত ৭৫৯ ৰাণ কৰি আই পি এল ২০২৫ ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত তেওঁৱেই শীৰ্ষত। গোটেই ছিজনত তেওঁৰ বেটৰ পৰা এটা শতক আৰু ৬ টা অৰ্ধশ তিক আহিল। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১০৮ ৰাণত নট আউট। তাৰোপৰি তেওঁ গড় স্ক’ৰ ৫৪.২১।
কেৱল অৰেঞ্জ কেপেই নহয়, তেওঁ লাভ কৰিলে আন কেইবাটাও সফলতা। অৰেঞ্জ কেপৰ উপৰিও ছাই সুদৰ্শনে এইবাৰ লাভ কৰিছে ইমাৰজিং প্লেয়াৰ অফ দ্য য়েৰ, সৰ্বাধিক ছাৰি,ফেণ্টাছি কিং অফ দ্য ছিজন বঁটাও লাভ কৰিছে।
ছাই সুদৰ্শনৰ এনে প্ৰদৰ্শনৰ কৃতিত্বৰ বাবে তেওঁ মহেন্দ্ৰ সিং ধোনীৰ আৰু বিৰাট কোহলিকৰ কথাই উল্লেখ কৰিছে। পূৰ্বেই তেওঁ মহেনেদ্ৰ সিং ধোনি, আৰু বিৰাট কোহলিৰ পৰা কিদৰে বেটিং পৰামৰ্শ গ্ৰহণ কৰিছিল, তেওঁলোক দুয়োৱে কিদৰে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল আৰু সেইবোৰৰ জৰিয়তে কিদৰে তেওঁৰ সহায় হৈছে সেই কথাও উল্লেখ কৰিছিল।
চলিত আই পি এল ছিজনতে ছাই সুদৰ্শনে ভাৰতীয় টেষ্ট দললৈ আমন্ত্ৰণ লাভ কৰিছে। তামিলনাডুৰ এইগৰাকী ক্ৰিকেটাৰে লেগ স্পীনো সুন্দৰকৈ খেলে। এয়া তেওঁৰ বেটিং শৈলীৰ অন্যতম শক্তি। দেশৰ হৈ এই পৰ্যন্ত তিনিখন এদিনীয়া আৰু এখন টি-২০ মেচ খেলাৰ অভিজ্ঞতা আছে তেওঁৰ।
🏆
— Srinivas Goud (@Srinivas_G009) June 4, 2025
Awards for Sai Sudarshan in IPL 2025
Orange cap @sais_1509
Emerging player of the year
Award for Most boundaries in this season.
Disciplined Player Of This Generation.❤️
A future Gem 💎 of ICT 🔥🇮🇳 pic.twitter.com/ad6OYeNdpI