এটা যুগৰ অপেক্ষাত স্বপ্ন ভংগ: ইউ এছ অ'পেনত ট্ৰেজিক নায়ক 'বৰ্ষীয়ান মহাৰথী'...

এটা যুগৰ অপেক্ষাত স্বপ্ন ভংগ: ইউ এছ অ'পেনত ট্ৰেজিক নায়ক 'বৰ্ষীয়ান মহাৰথী'...

ডিজিটেল ডেস্ক: লক্ষ্য প্ৰাপ্তিৰ বাবে সাধনা লাগে। লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজন কষ্ট আৰু ত্যাগৰ। কিন্তু কেতিয়াবা এই সকলোবোৰ কৰাৰ পাছতো বাৰে বাৰে সন্মুখীন হ'ব লাগে বিফলতাৰ। সেই বাবেই চাগে মানুহে ভাগ্যৰ কথা দোহাৰে। ভাগ্য সুপ্ৰসন্ন নহ'লে কষ্ট, ত্যাগ আৰু সাধনাও কেতিয়াবা অথলে যায়।

তেওঁৰ বয়স এতিয়া ৪৩ বছৰ ৬ মাহ। অৰ্থাৎ জীৱনৰ প্ৰায় আধা বয়স তেওঁ অতিক্ৰম কৰিলে। অথচ এতিয়াও তেওঁ টেনিছৰ ক'ৰ্টত হৈ আছে দূৰন্ত।

বয়সে ৪৩ বছৰ অতিক্ৰম কৰি ৪৪ বছৰত পদাৰ্পণ কৰিলেও তেওঁ আজিও দূৰন্ত তৰুণ। এই বয়সতো টেনিছৰ জগতত দপদপাই থাকি তেওঁ গঢ়ি তুলিছে ৰেকৰ্ড। টেনিছ খেলুৱৈ হিচাপে গ্ৰেণ্ড শ্লাম দখলৰ যুঁজত নমা তেওঁৱেই আটাইতকৈ 'বয়সীয়াল' খেলুৱৈ।

দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন ৰাজীৱ ৰাম আৰু জু ছেলিছবাৰীৰ বিৰুদ্ধে ইউ এছ অ'পেনৰ ডাৱলছৰ ফাইনেলত মুখামুখি হৈছিল ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেন। সকলোৰে আশা আছিল অন্ততঃ এইবাৰ বোপান্নাই চুম্বন কৰিব পাৰিব ইউ এছ অ'পেনৰ ট্ৰফীত।

সুদীৰ্ঘ এটা যুগৰ পাছত আহিছিল এই সুযোগ। ২০১১ চনতেই শেষবাৰৰ বাবে পুৰুষৰ ডাৱলছত ফাইনেল খেলিছিল ৰোহন বোপান্নাই। সেইবাৰ তেওঁ পাকিস্তানৰ আইছান উল হক কুৰেছিৰ সৈতে যুটী বান্ধিছিল। সেয়াই আছিল তেওঁৰ প্ৰথমখন গ্ৰেণ্ড শ্লামৰ ফাইনেল।

তাৰ পাছত ২০২৩ত পুনৰ আহিল সেই সুযোগ। ইউ এছ অ'পেনত তেওঁ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হ'ল ফাইনেলত। কিন্তু সুদীৰ্ঘ এটা যুগৰ পাছত পুনৰ স্বপ্ন ভংগ হ'ল বোপান্নাৰ। পুনৰাবৃত্তি হ'ল ২০১১ৰ। ৪৩ বছৰ ৬ মাহ বয়সতো গ্ৰেণ্ড শ্লাম জয়ৰ বাবে যুঁজ দিবলৈ এৰি নিদিয়া ৰোহন বোপান্নাৰ সপোন সপোন হৈয়েই ৰ'ল।

এই পৰ্যন্ত তেওঁৰ নামত আছে কেৱল ফ্ৰেন্স অ'পেনৰ খিতাপ। ২০১৭ ত ফ্ৰেন্স অ'পেনৰ মিক্স ডাৱলছত তেওঁ লাভ কৰিছিল এই খিতাপ।

টেনিছৰ দীৰ্ঘ কেৰিয়াৰত বহু কেইবাৰ ৰোহন বোপান্নাই পুৰুষৰ ডাৱলছত ছেমি ফাইনেল খেলিছে। কিন্তু ইউ এছ অ'পেনৰ ফাইনেলত মাত্ৰ দুবাৰ খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ২০১১ ত আৰু ২০২৩ ত।

এইবাৰ ইউ এছ অ'পেনৰ ছেমি ফাইনেল জয় কৰাৰ পাছতেই সকলোৱে আশা কৰিছিল অন্ততঃ এইবাৰ স্বপ্ন পূৰণ হ'ব। ছেমি ফাইনেলত ষ্ট্ৰেইট ছেটত বিজয় সাব্যস্ত কৰা ৰোহন বোপান্না আৰু মেথিউ এবডেন যুটীয়ে ফাইনেলত বিজয়ৰ সেই ধাৰা অব্যাহত ৰাখিব পাৰিব।

কিন্তু দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন ৰাজীৱ ৰাম আৰু জু ছেলছিবাৰীৰ যুটীৰ হাতত পৰাজিত হ'বলৈ বাধ্য হ'ল ইণ্ডো- অষ্ট্ৰেলিয়ান যুটী। স্বপ্ন ভংগ হোৱা সেই যুঁজৰ প্ৰথমটো ছেটত ২-৬ ব্যৱধান পৰাস্ত।দ্বিতীয় ছেটত বীৰোচিত প্ৰত্যাবৰ্তন। বোপান্না আৰু এবডেনৰ পক্ষত ৬-৩ প‌ইণ্ট। নিৰ্ণায়ক আছিল তৃতীয় ছেট। এই তৃতীয় ছেট দখল কৰিলে দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন যুটিয়ে। প‌ইণ্ট অৰ্জন কৰিলে ৮-৬।

লগে লগে সৃষ্টি হ'ল এক ইতিহাস। একেধাৰে তিনিবাৰকৈ ইউ এছ অ'পেন দখল কৰা ৰাজীৱ ৰাম আৰু জু ছেলিছবাৰী হৈ পৰিল প্ৰথমটো যুটী। বিপৰীতে ৰোহন বোপান্না হৈ পৰিল ইউ এছ অ'পেন তথা ভাৰতীয় টেনিছৰ অন্যতম ট্ৰেজিক নায়ক। স্বপ্ন ভংগ হ'ল বোপান্নাৰ, স্বপ্ন ভংগ হ'ল ভাৰতৰ টেনিছ অনুৰাগীৰ।

২ ঘণ্টা ধৰি চলা খিতাপ দখলৰ যুজঁত পৰাস্ত হ'ল ইণ্ডো-অষ্ট্ৰেলিয়ান যুটী। অৱশ্যে পৰাজিত হৈয়ো ৰোহন বোপান্না হৈ পৰিল নায়ক। জয় কৰিলে বিশ্ব টেনিছ অনুৰাগীৰ হৃদয়। লিপিবদ্ধ কৰিলে ইতিহাস। ইউ এছ অ'পেনত এই পৰ্যন্ত খিতাপৰ যুঁজত নমা মহাৰথীসকলৰ ভিতৰত বৰ্ষীয়ান মহাৰথী হিচাপে লিপিবদ্ধ হ'ল ৰোহন বোপান্নাৰ নাম।

অৱশ্যে এই যুঁজ এতিয়াও অন্ত পৰা নাই। বয়সৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ মাজত মাত্ৰ ৫ টা বছৰ থকা সময়ত হয়তো আকৌ ইউ এছ অ'পেনৰ খিতাপ দখলৰ যুঁজত দেখা যাব ৰোহন বোপান্নাক। তেতিয়ালৈকে এয়াই ইতিহাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in