ডিজিটেল ডেস্কঃ এক উৎকণ্ঠিত সময় আছিল সেয়া। গাব্বাত নিশ্চিত পৰাজয়ৰ পৰা কোনোমতে ৰক্ষা পৰিছে ভাৰতীয় ক্ৰিকেট দলটো। চতুৰ্থ দিনটোত কোনোমতে ফ’ল’অনৰ পৰা যশপ্ৰীত বুমৰাহ আৰু আকাশদ্বীপে ৰক্ষা কৰাৰ পাছত পঞ্চম দিনত ভাৰতীয় দলটোৰ আটাইকেইজন বলাৰে ৰুদ্ৰ মূৰ্তি ধৰিছে।
এই ৰুদ্ৰ ৰূপ দৰাচলতে অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপৰ বিৰুদ্ধে নে নিজ দলৰে বেটছমেনৰ বিৰুদ্ধে সেয়া বুজিব পৰা নাই। বাৰে বাৰে ভাৰতীয় দলটোৰ বেটছমেনসকলৰ ভুলৰ বাবেই আটাইকেইজন বলাৰৰ ওপৰত বৃদ্ধি পাইছে চাপ।
পঞ্চম দিনৰ পুৱা খেল পথাৰলৈ অষ্ট্ৰেলিয়াৰ বেটছমেনসকল আহিছে আৰু গৈছে। বুমৰাহ, আকাশদ্বীপ, ছিৰাজে বলিং আক্ৰমণত দিশহাৰা হৈ পৰিছে অষ্ট্ৰেলিয়া। তাৰ মাজতেই কেমেৰাই বাৰে বাৰে দেখুৱাইছে ইণ্ডিয়াৰ ড্ৰেছিং ৰুমলৈ।
এটা সময়ত মেচখন ড্ৰ’ হ’ল। সেই সময়তে ড্ৰেছিং ৰুমত দেখা গ’ল এক বিশেষ দৃশ্য। বিৰাট কোহলিৰ কাষত বহি থকা ৰবিচন্দ্ৰন অশ্বিনে প্ৰথমে কিবা এটা তেওঁক কৈছে। তাৰ পাছত বিৰাটে অশ্বিনক সাৱটি ধৰিছে। দুয়োৰে চকু সেমেকি উঠিছে। তেতিয়ালৈকে ক্ৰিকেট অনুৰাগীৰ বুজিবলৈ বাকী নাথাকিল কি হ’বলৈ আগবাঢ়িছে।
এই চকু পানী গাব্বা টেষ্ট ড্ৰ’ কৰাৰ বাবে যে নহয় সেয়া শিশু এটায়ো বুজি পায়। সেয়ে সামাজিক মাধ্যমত আৰম্ভ হ’বলৈ ধৰিছিল সেই চৰ্চা। সামাজিক মাধ্যমৰ সেই চৰ্চাকে সত্য প্ৰমাণ কৰি অৱশেষত অশ্বিনে কৰিলে সেই ঘোষণা। তাৎক্ষণিকভাৱে বিদায় দিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক।
অৰ্থাৎ পৰৱৰ্তী দুখন টেষ্টত অশ্বিন আৰু ভাৰতীয় দলৰ সদস্য হৈ নাথাকিব। ব্ৰিছবেনত তৃতীয় টেষ্টৰ অন্তত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে সাংবাদিকৰ কাষলৈ যায় অশ্বিন।
তাত তেওঁ সাংবাদিকক উদ্দেশ্যি কয়, ''মই ইয়ালৈ অহাৰ কথা নাছিল। কিন্তু এটা কথা সকলোকে জনাবৰ উদ্দেশ্যি আহিছো। আন্তৰ্জাতিক ক্ৰিকেটত এয়াই আমাৰ শিষ দিন। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছো।''
সুদীৰ্ঘ ১৪ বছৰীয়া কেৰিয়াৰত অশ্বিনে ভাৰতীয় ক্ৰিকেটলৈ যি অবদান আগবঢ়ালে সেয়া ইতিহাসে মনত ৰাখিব। তেওঁ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ স্পীনৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে চিৰ কাললৈ জিলিকি থাকিব যে তাত কোনো সন্দেহ নাই।
বৰ্ণময় কেৰিয়াৰত অশ্বিনে যি সফলতা অৰ্জন কৰিলে সেই সফলতাক কেৱল নিজৰ কৰি নাৰাখি তাৰ কৃতিত্বৰ অংশীদাৰ কৰিলে সতীৰ্থসকলোকো। সাংবাদিকৰ আগত তেওঁ কয়, ''আমি সকলোৱে মিলি বহু আনন্দৰ মুহূৰ্তৰ সাক্ষী হ’লো। মোৰ কেৰিয়াৰত সংগী হিচাপে বিৰাট, ৰোহিত, ৰাহানে, পুজাৰাক পাইছো।
তেওঁলোকে বেটাৰৰ চাৰিওফালে থিয় হৈছিল, মোৰ বলত কেচ লৈছিল আৰু মোৰ কাম সহজ কৰি তুলিছিল।''
তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডকো কৃতজ্ঞতা জনাইছে। ভাৰতৰ হৈ ১০৫ খন টেষ্ট খেলিছে অশ্বিনে। টেষ্টত তেওঁ লাভ কৰিছে ৫৩৭ টা উইকেট। এটা ইনিংছত ৫ টা বা তাতকৈ অধিক উইকেট লাভ কৰিছে মুঠ ৩৭ বাৰ। তাৰোপৰি টেষ্টত তেওঁৰ বেটৰ পৰা আহিছে ৩৪৭৪ ৰাণ। ইয়াত আছে ৬ টা শতক আৰু ১৪ টা অৰ্ধ শতক।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপতো তেওঁৰ নামতে আছে সৰ্বাধিক উইকেট। এদিনীয়া ক্ৰিকেটত তেওঁ মুঠ ১১৬ খন মেচত ৭০৭ ৰাণৰ কৰাৰ লগতে ১৫৬ টা উইকেট লাভ কৰিছে। ৬৫ খন টি-২০ ত অশ্বিনৰ নামত আছে ৭২ টা উইকেট।
কিংবদন্তি অনিল কুম্বলেৰ পাছতে ভাৰতীয় বলাৰৰ ভিতৰত টেষ্টত দ্বিতীয় সৰ্বাধিক উইকেটৰ গৰাকী অশ্বিনো যে ভাৰতীয় ক্ৰিকেটৰ এগৰাকী কিংবদন্তিলৈ ৰূপান্তৰ হ’ল তাত কাৰো দ্বিমত নিশ্চয় নাথাকিব।
𝙏𝙝𝙖𝙣𝙠 𝙔𝙤𝙪 𝘼𝙨𝙝𝙬𝙞𝙣 🫡
— BCCI (@BCCI) December 18, 2024
A name synonymous with mastery, wizardry, brilliance, and innovation 👏👏
The ace spinner and #TeamIndia's invaluable all-rounder announces his retirement from international cricket.
Congratulations on a legendary career, @ashwinravi99 ❤️ pic.twitter.com/swSwcP3QXA