/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/p-v.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে নিশা প্ৰায় ১ বজাত স্বদেশ পালেহি বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয়ী ভাৰত কন্যা পি ভি সিন্ধু। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা সিন্ধুক আদৰণি জনাবলৈ মাজনিশালৈকে অপেক্ষা কৰি থাকে অগণন গুণমুগ্ধই।
স্বদেশত ভৰি থৈয়েই স্বৰ্ণজয়ী খেলুৱৈগৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত কলে- মই আশাবাদী যে দেশৰ বাবে এনে পদক মই ভৱিষ্যতেও অৰ্জন কৰিব পাৰিম। দেশবাসীক ধন্যবাদ, তেওলোকৰ মৰম আৰু আৰ্শীবাদৰ বাবেই আজি মই এই সফলতা অৰ্জন কৰিব পাৰিছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EC6349sVUAAwEGD.jpg)
উল্লেখ্য যে, বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয় কৰা প্ৰথম গৰাকী খেলুৱৈ হৈছে পি ভি সিন্ধু।
#WATCH: #PVSindhu after becoming the first Indian shuttler to win BWF World Championship: I wish I'll get many more medals for this country. I would like to thank all my fans. It is because of their blessings & love that I am here today. pic.twitter.com/A4mJCvgJ0A
— ANI (@ANI) August 26, 2019