/asomiyapratidin/media/media_files/2025/04/12/CSM9GRGUVi9MoWhVQZVk.jpg)
ডিজিটেল ডেস্কঃ আই পি এলৰ ইতিহাসত আটাইতকৈ দুৰ্বল প্ৰদৰ্শনেৰে সমালোচিত হৈছে চেন্নাই ছুপাৰ কিংছ।এই পৰ্যন্ত ৬ খন মেচ খেলি ৫ খনতেই পৰাস্ত হোৱা চেন্নাইৰ এই অৱস্থা দেখি হতভম্ব হৈ পৰিছে দলটোৰ অনুৰাগীৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকল।
৫ বাৰৰ চেম্পিয়ন দলটোৱে ৰুতুৰাজ গাইকোৱাডৰ নেতৃত্বত এইবাৰ জয়েৰে ছিজন আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ৫ খন মেচতেই পৰাস্ত হয়। কিলাকুটিৰ আঘাতৰ বাবে আই পি এলৰ পৰা ৰুতুৰাজ বাহিৰ হ’বলগীয়া হোৱাত পুনৰ দলটোৰ অধিনায়কৰ দায়িত্ব কান্ধ পাতি ল’বলগীয়া হয় মহেন্দ্ৰ সিং ধোনীয়ে।
ধোনীৰ নেতৃত্বত চি এছ কেয়ে পুনৰ শক্তিশালী প্ৰত্যাৰ্পণ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও ১১ এপ্ৰিলত কলকাতাৰ বিৰুদ্ধে খেলা মেচখনত চূড়ান্ত বেটিং বিপৰ্যয়ত গৰাহত পৰি দলটোৱে মাত্ৰ ১০৩ ৰাণহে কৰিবলৈ সক্ষম হয়। ফলত কলকাতাই মাত্ৰ ১০ অভাৰ ১ টা বলতে দুই উইকেটত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰি বৃহৎ বিজয় সাব্যস্ত কৰে।
দলটোৰ এনে বিপৰ্যয়ৰ পাছতে মুকলিকৈ মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ বেটছমেন ক্ৰিকেটাৰ শ্ৰীকান্তে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে চি এছ কেক সমালোচনা কৰাৰ সমান্তৰালকৈ ৰুতুৰাজৰ স্থানত বিকল্প ক্ৰিকেটাৰ হিচাপে আই পি এলৰ মেগা নিলামত সকলোৱে এলাগী কৰা এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ নামো প্ৰস্তাৱ কৰিছে।
১১ এপ্ৰিলত চেন্নাইৰ এম এ চিন্দাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ ল’ স্কৰৰ বাবে টপ অৰ্ডাৰকে দোষাৰোপ কৰিছে। পাৱাৰ প্লে’ত প্ৰথম ৫ অভাৰত ২ উইকেটত দলটোৱে মাত্ৰ ১৮ ৰাণ কৰাত অসন্তুষ্ট শ্ৰীকান্তৰ মতে এয়া আছিল টেষ্ট মেচৰহে আখৰা। পাৱাল প্লে’ত এইদৰে ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱা দলটোৱে ৰুতুৰাজৰ বিকল্প হিচাপে এগৰাকী পাৱাৰ হিটাৰক দললৈ আনিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে তেওঁ পৃথ্বী শ্ব’ৰ নাম প্ৰস্তাৱ কৰিছে।
তেওঁ এক্সত লিখিছে, "চি এছ কেৰ এতিয়ালৈকে হোৱা আটাইতকৈ বেয়া পৰাজয়ৰ ভিতৰত এয়া অন্যতম। পাৱাৰপ্লে’ত বেটিং টেষ্ট মেচৰ আখৰা যেন লাগিল। তাৰোপৰি তেওঁ লিখিছে, এতিয়া বক্সৰ বাহিৰলৈ গৈ চিন্তা কৰাৰ সময়, এই সময়ত পৃথ্বী শ্ব'ৰ দৰে আনছ’ল্ড একাংশ ক্ৰিকেটাৰক চেষ্টা নকৰে কিয়? আপোনালোকে চেষ্টা কৰিবনে?
One of CSK's worst defeats ever. Powerplay batting looked like a rehearsal for a test match. Whole XI feels like it's running on nostalgia. Time to think out of the box, why not try isome unsold players like Prithvi Shaw at this point? Would you try it? , even chaos is a…
— Kris Srikkanth (@KrisSrikkanth) April 11, 2025
পৃথ্বী শ্ব'ৰ প্ৰতি সহানুভূতি ক্ৰিকেট অনুৰাগীৰ
ৰুতুৰাজ গাইকোৱাডে আঘাত পোৱাৰ পাছতে তেওঁৰ বিকল্প কোন হ’ব তাক লৈ চৰ্চা অব্যাহত আছে। এই চৰ্চাৰ শীৰ্ষত আছে পৃথ্বী শ্ব’ৰ নাম। অৱশ্যে পৃথ্বী শ্ব’ৰ নাম চৰ্চাৰ শীৰ্ষত থকাৰ মূলতে হৈছে আবেগ।
এসময়ত তেওঁৰ দেহত একেলগতে শচীন তেণ্ডুলকাৰ আৰু ব্ৰায়ান লাৰাক দেখা পাইছিল ক্ৰিকেট বিশেষজ্ঞসকলে। সেই ধৰণেই খেলিছিল পৃথ্বীয়ে। কিন্তু সময়ৰ সৈতে নিজক সলনি কৰিব নোৱাৰাত, শৃংখলিত জীৱনক গুৰুত্ব দিয়াতকৈ অধিক ৰং, ৰহস্যত মত্ত হৈ পৰাত ক্ৰিকেটৰ পৰা ক্ৰমশঃ আঁতৰি যায় পৃথ্বী।
ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পাছত আনকি ঘৰুৱা ক্ৰিকেটতো তেওঁৰ স্থান নোহোৱা হয়। ফৰ্মহীনতাৰে যুঁজি থকা পৃথ্বীক আই পি এলৰো কোনো এটা ফ্ৰেঞ্চাইজিয়েই ক্ৰয় কৰাত আগ্ৰহ প্ৰকাশ নকৰিলে।
সেয়ে মহেন্দ্ৰ সিং ধোনীয়ে চি এছ কেৰ নেতৃত্ব পুনৰ লোৱাত এতিয়া বহুতেই বিচাৰিছে ধোনীয়ে মৰহি যোৱা এসময়ৰ এই বিস্ময়কৰ ক্ৰিকেট প্ৰতিভাক পুনৰ তুলি ধৰক। ধোনীৰ আঙুলিত ধৰিয়েই পুনৰ ক্ৰিকেট জগতলৈ ঘূৰি আহক পৃথ্বী। এই বাৰ্তা চে এছ কেৰ মেনেজমেণ্টৰ কাষ পাইছেগৈ যদিও অৱশ্যে তেওঁলোকে এই সন্দৰ্ভত এতিয়াও কোনো মতামত আগবঢ়োৱা নাই। ৰুতুৰাজৰ বিকল্প কোন হ’ব সেয়া প্ৰকাশ কৰা নাই।
পৃথ্বী শ্ব’ৰ আই পি এলৰ অভিলেখ
এইবাৰ আই পি এলৰ মেগা নিলামত পৃথ্বী শ্ব’ৰ ভিত্তী মূল্য আছিল ৭৫ লাখ। এসময়ৰ বিস্ফোৰক বেটছমেন শ্ব’ৰ প্ৰতি তথাপিও কোনো এটা ফ্ৰেঞ্চাইজিয়েই আগ্ৰহ প্ৰকাশ নকৰিলে।
শেহতীয়াকৈ আই পি এলৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা ডি ৱাই পাটিল টি-২০ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিল। শ্ব’ৱে ৭টা ছিজন দিল্লী কেপিটেলছৰ হৈ খেলিছে।
আই পি এলত তেওঁ ১৪ টা অৰ্ধশতককে ধৰি ২৩.৯৪ গড়ে ৭৯টা ইনিংছত ১৮৯২ ৰাণ সংগ্ৰহ কৰিছে। পাৱাৰপ্লে’ অভাৰত তেওঁ অতি আক্ৰমণাত্মক। অ’পেনাৰগৰাকীৰ আই পি এল কেৰিয়াৰৰ ষ্ট্ৰাইক ৰেট ১৪৭.৪৬।
তেওঁৰ আই পি এলত অন্যতম শ্ৰেষ্ঠ ছিজন আছিল ২০২১ৰ ছিজন। সেইবাৰ তেওঁ মুঠ ১৫ টা ইনিংছত গড়ে ৩১.৯৩ ৰে মুঠ ৪৭৯ ৰাণ সংগ্ৰহ কৰিছিল। য’ত আছিল চাৰিটা অৰ্ধশতক।